দিল্লীত বিশিষ্ট সমাজকৰ্মী দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

দিল্লীত বিশিষ্ট সমাজকৰ্মী দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

author-image
Asomiya Pratidin
New Update
দিল্লীত বিশিষ্ট সমাজকৰ্মী দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

ডিজিটেল সংবাদ,দিল্লী: মঙলবাৰে দিল্লীত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক, ক্ৰীড়াবিদ ড০ দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় ৷ দিল্লী এনচিআৰৰ কুণ্ডিলৰ প্ৰখ্যাত সংস্থা ভক-ভাৰ্চিটিয়ে বিগত তিনিটা দশক ধৰি ড০ দয়ানন্দ শ্বাহে সমাজৰ বাবে কৰি অহা কৰ্মৰাজিৰ বাবে এই স্বীকৃতি প্ৰদান কৰে ৷

দেশৰ কেইবাগৰাকী গণ্য-মান্য লোকৰ উপস্থিতিত গল্ডেন ট্ৰফীসহ উক্ত সন্মান গ্ৰহণ কৰে শ্বাহে ৷ ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি শ্বাহে কয় - মই সমাজৰ বাবে কৰি অহা কামক স্বীকৃতি প্ৰদান কৰাত আনন্দিত হোৱাই নহয় অনাগত দিনত সমাজৰ হকে কাম কৰাৰ স্পৃহা বৃদ্ধি হ’ল ৷

উল্লেখ কৰা প্ৰয়োজন যে ভক-ভাৰ্চিটি হৈছে শিক্ষাৰ গোলকীয় কেম্পাছ মডেল, য’ত যুৱ প্ৰজন্মৰ দক্ষতা আৰু প্ৰতিভাৰ সন্ধানৰ জৰিয়তে চাকৰিৰ সুযোগ সৃষ্টি কৰা হয় ৷ ভক-ভাৰ্চিটিয়ে বিভিন্ন ক্ষেত্ৰত দেশৰ হকে অৰিহণা যোগাই অহা লোকক চিনাক্ত কৰি স্বীকৃতি প্ৰদান কৰি আহিছে ৷

তেনে দৰেই ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱত ১৯৭২ চনৰ ৩০ মাৰ্চত জন্মগ্ৰহণ কৰা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি দেশ আৰু দহৰ বাবে কৰি অহা সেৱাক স্বীকৃতি প্ৰদান কৰিলে ভক-ভাৰ্চিটিয়ে ৷ অতি সাধাৰণ পৰিয়ালৰ সন্তান ড০ শ্বাহে স্কুলীয়া শিক্ষা স্থানীয় লাহোৱাল এল.পি স্কুলতে গ্ৰহণ কৰিছিল ৷

এম.ই আৰু হাইস্কুলৰ শিক্ষা বকুল হাইস্কুল তথা ১৯৯২ চনত ডিব্ৰুগড় পলিটেকনিকৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা লাভ কৰে ৷ ২০১৮ চনত ডেহৰাডুনৰ National Council For Research in Educationৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লয় ৷

পাছত ২০২০ চনত ডেৰাডুনৰ National Council for Research in Educationৰ পৰাই চিভিল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লয় ৷ তেখেতৰ বিৰল কৰ্মৰাজিৰ বাবে উজনি অসম ঝেৰীয়া তেলী (চাহু) সমাজ কেন্দ্ৰীয় সমিতি, অসমীয়া মাহেকীয়া বৰ্ণিল, নিউজ চেনেল আছাম টকছ, আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’ছাইটিৰ দ্বাৰা আলোকপ্ৰভঞ্জন সন্মান, দৈনন্দিন বাৰ্তা, দ্যা আছাম ৰাইজিং, সদৌ অসম মটক সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন, সদৌ অসম ঘাঁচী সমাজ, কুড়মালি সাহিত্য সভা অসম, সদৌ অসম মটক ছাত্ৰ সন্থা, মৰাণৰ ঐতিহাসিক ঔফুলীয়া চাহ বাগিছা, লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা, সত্ৰীয় সংস্কৃতি মহাপৰিষদ অসম, ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই বিশেষভাৱে সম্বৰ্ধনা তথা সন্মান প্ৰদান কৰিছে ৷

ড০ শ্বাহ অসম সাহিত্য সভাৰ আজীৱন সদস্য, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ আজীৱন সন্মানিত সদস্য। একেদৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক, লাহোৱাৰ ফুটবল একাডেমিৰ উপদেষ্টা, ডিব্ৰুগড় জিলা খো খো সন্থাৰ উপ-সভাপতি, ডিব্ৰুগড় নৱ জাগৃতি যুৱক সংঘৰ উপদেষ্টা, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলাৰ মুখ্য উপদেষ্টা, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, এছ.কে.এছ ইংলিছ একেডেমিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য পৰিচালন সঞ্চালক।

ইয়াৰোপৰি সদৌ অসম চাহু (তেলী) সমাজ সন্মিলন সমিতিৰ উপদেষ্টা ৷ ড০ শ্বাহে সমাজৰ পিছপৰা শ্ৰেণীৰ মানৱ সম্পদক মানুহ কৰিবলৈ কাম কৰি আহিছে ৷ মানৱ সম্পদ গঢ়াৰ কমাৰশালখনৰ কাৰিকৰ ৰূপে কাম কৰি গৈছে ৷

সকলো ত্যাগ কৰি জন্মস্থানতে থাকি জন্মস্থানৰ হকে কাম কৰি সমাজত পোহৰ বিয়পাইছে ৷ ব্যক্তিগতভাবে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে ৷ চাহ জনগোষ্ঠীৰ লোকৰ জীৱনৰ কল্যাণৰ হকেও কাম কৰিছে৷ চাহ জনগোষ্ঠীৰ হকে কাম কৰা সংগঠনক পৰামৰ্শ দি জনগোষ্ঠীটোৰ বিকাশত সহায় কৰিছে ৷

এছ.কে. এছ ইংলিছ একাডেমি নামৰ শিক্ষানুষ্ঠানখন স্থাপন কৰি নিজেই অধ্যক্ষৰ দায়িত্ব লৈ গুণগত শিক্ষা প্ৰদানৰ হকে কাম কৰি গৈছে ৷ সমানে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থাকি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াইছে ৷ সমাজৰ পিছপৰা, দৰিদ্ৰসকলৰ মংগল চিন্তা, ক্ৰীড়া, সংস্কৃতিৰ উত্তৰণৰ হকে কাম কৰা ড০ দয়ানন্দ শ্বাহক দিল্লী এনচিআৰৰ প্ৰখ্যাত সংস্থা ভক-ভাৰ্চিটিয়ে আজি সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাত বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে ৷

Also Read: প্ৰস্তাৱিত দৰং চিকিৎসা মহাবিদ্যালয়, সংহত জিলা আয়ুক্ত কাৰ্যালয়, আৱৰ্ত ভৱন সম্পৰ্কে ৰাজহুৱা সভা

delhi