Employment Exchange ত পুনৰ কৰিব লাগিব পঞ্জীয়নঃ ১৫ আগষ্ট শেষ সময়...

Employment Exchange ত পুনৰ কৰিব লাগিব পঞ্জীয়নঃ ১৫ আগষ্ট শেষ সময়...
Employment Exchange ত পুনৰ কৰিব লাগিব পঞ্জীয়নঃ ১৫ আগষ্ট শেষ সময়...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগৰ অধীনস্থ Employment Exchange সম্পৰ্কে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসৰি যিসকল নিবনুৱাই ২ জানুৱাৰী ২০২৪ৰ পূৰ্বে Employment Exchange ত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছিল সেইসকলক পুনৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।

অহা ১৫ আগষ্টৰ ভিতৰত উল্লেখিত সময়ৰ পূৰ্বে যিসকলে নাম পঞ্জীয়ন কৰিছিল তেওঁলোকক পুনৰ নাম পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে। এই পুনৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া অব্যাহত আছে। অসম চৰকাৰৰ সেৱা সেতু পৰ্টেলৰ জৰিয়তে সকলোৱে এই পুনৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব।

পুনৰ নাম পঞ্জীয়নৰ বাবে কি কি প্ৰয়োজন

যিসকলে নাম পুনৰ পঞ্জীয়ন কৰিব লাগিব তেওঁলোকে সকলো পাছ চাৰ্টিফিকেট, মাৰ্কশ্বীটৰ পিডিএফ, বয়সৰ প্ৰমাণ পত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ, EWS, PWD আৰু অন্যান্য অৰ্হতা সম্পন্ন প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

বয়সৰ প্ৰমাণ পত্ৰ হিচাপে জন্মৰ প্ৰমাণ পত্ৰ, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড, স্কুল চাৰ্টিফিকেটৰ যিকোনো এখন আপোলড কৰিব পাৰিব। স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ হিচাপে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপোৰ্ট, ভোটাৰ কাৰ্ড আদিৰ যিকোনো আপলোড কৰিব পাৰিব।

এছ টি, এছ চি, অ' বি চি/ এম অ' বি চি সকলে তেওঁলোকৰ জাতিগত প্ৰমাণ পত্ৰ আপলোড কৰিব লাগিব। আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ সকলে EWS প্ৰমাণত্ৰ আপলোড কৰিব লাগিব। শাৰীৰিক বাধাগ্ৰস্থসকলেও সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰি কৰা PWD ৰ প্ৰমাণ পত্ৰ আপলোড কৰিব লাগিব।

এই সন্দৰ্ভত সবিশেষ জানিবলৈ ১৮০০-৩৪৫-৩৫৭৪ ন্বৰত যোগাযোগ কৰিব পাৰিব অথবা ৮০৯৯৮৯৮৭২৬৬ নম্বৰত হোৱাটছএপৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব। ইয়াৰোপৰি rtps-assam@assam.gov.in আৰু emp.sol.ops@gmail.com ৰ জৰিয়তেও যোগাযোগ কৰিব পাৰিব।

Employment Exchange ত পুনৰ কৰিব লাগিব পঞ্জীয়নঃ ১৫ আগষ্ট শেষ সময়...
চিলাপথাৰত চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in