ভূৱন পাহাৰত সংঘৰ্ষঃ ৩ সন্ত্ৰাসবাদী নিহত...

কাছাৰ আৰক্ষীয়ে চলাইছিল অভিযান
ভূৱন পাহাৰত সংঘৰ্ষঃ ৩ সন্ত্ৰাসবাদী নিহত...
ভূৱন পাহাৰত সংঘৰ্ষঃ ৩ সন্ত্ৰাসবাদী নিহত...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম-মিজোৰাম সীমান্তৰ ভূৱন পাহাৰত সংঘটিত হোৱা সংঘৰ্ষত ৩ টাকৈ উগ্ৰপন্থীৰ মৃত্যু হৈছে। উল্লেখ্য যে, মঙ্গলবাৰে বিয়লি কাছাৰ আৰক্ষীয়ে আমাৰাঘাট কৃষ্ণপুৰ গংগা নগৰৰ পৰা তিনিটাকৈ মাৰ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰি জব্দ কিৰিছিল এটা একে-৪৭ ৰাইফল, কেইবাজাঁই গুলী।

ইয়াৰ পিছতে নিশা এই তিনি উগ্ৰপন্থীক লৈ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহত্তৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাইছিল। সেই সময়ত পাহাৰত আশ্ৰয় লৈ আছিল উগ্ৰপন্থী সংগঠনটোৰ আন কেইবাজনো সদস্য।

আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলোৱা বুলি জানিব পাৰি আৰক্ষীৰ দলটোৰ ওপৰত লুকাই থকা সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। ফলত দুয়ো পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়।

প্ৰায় এঘণ্টা ধৰি চলা এই সংঘৰ্ষত আৰক্ষীয়ে লগত লৈ যোৱা তিনিওজন উগ্ৰপন্থীৰে মৃত্যু হয়। জানিব পৰা মতে নিহত ৩ সন্ত্ৰাসবাদীৰ ভিতৰত দুজনৰ ঘৰ কাছাৰত আৰু এজনৰ ঘৰ মণিপুৰত।

এই সংঘৰ্ষত আহত হৈছে তিনিজন আৰক্ষীৰ জোৱান। ক্ষতিগ্ৰস্ত হৈছে কাছাৰ আৰক্ষীৰ কেইবাখনো বাহন। ইয়াৰ পিছতে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ তহলৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। সমান্তৰালকৈ মাৰ উগ্ৰপন্থীৰ বিৰুদ্ধে অব্যাহ আছে অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in