অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতা

অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতা
Published on
Updated on

ডিজিটেল ডেস্ক : দুৰ্গা পূজাৰ প্ৰাক্ক্ষণত ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়া প্ৰতিদিন ডিজিটেলে লৈ আনিছে সুখবৰ। আগন্তুক দুৰ্গা পূজা উপলক্ষ্যে অসমীয়া প্ৰতিদিন ডিজিটেলে এখনি ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

এই ৰচনা প্ৰতিযোগিতাত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। ৰচনাৰ বিষয়ঃ “ধৰ্মীয় আৰু সাৰ্বজনীন দৃষ্টিৰে দুৰ্গা পূজা। ”

উক্ত বিষয় সম্পৰ্কে শিক্ষাৰ্থীসকলে অসমীয়া ভাষাত ৩০০ শব্দৰ ভিতৰত ৰচনাখন সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰোপৰি দশমীৰ দিনা উক্ত প্ৰতিযোগিতাৰ ফলাফল অসমীয়া প্ৰতিদিন ডিজিটেলযোগে প্ৰকাশ কৰা হ’ব ।

প্ৰতিযোগীসকলৰ বাবে পুৰস্কাৰ হিচাপে আছে- প্ৰথম পুৰস্কাৰ ১০,০০০ (দহ হাজাৰ টকা),দ্বিতীয় পুৰস্কাৰ ৫,০০০ (পাঁচ হাজাৰ টকা) আৰু তৃতীয় পুৰস্কাৰ ৩,০০০ (তিনি হাজাৰ টকা ) । প্ৰতিযোগিতাৰ সম্পূৰ্ণ নিয়মাৱলী তলত উল্লেখ কৰা হ'ল।

নিয়মাৱলী-

  • অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ল’ব পাৰিব এই ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ।

  • ৰচনাসমূহ ৩০০ শব্দৰ ভিতৰত অসমীয়া ভাষাত লিখা হ’ব লাগিব।

  • ৰচনাৰ সৈতে অধ্যয়নৰত শ্ৰেণীৰ  শিক্ষানুষ্ঠানে দিয়া ‘পৰিচয় পত্ৰ’ প্ৰেৰণ কৰাতো বাধ্যতামূলক।

  • ৰচনাসমূহ অসমীয়া প্ৰতিদিনৰ হোৱাটছ এপ নম্বৰ ৬০০০৯ ৫৩৪৩৪ নম্বৰত প্ৰেৰণ কৰিব লাগিব।

  • প্ৰতিযোগিতালৈ ৰচনা প্ৰেৰণ কৰা অন্তিম দিন ২০ অক্টোবৰ ২০২৩।

  • ৰচনাৰ লগতে ঠিকনা,প্ৰতিযোগীৰ যোগাযোগ নম্বৰ দিয়াতো বাধ্যতামূলক।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতা
মধুপুৰ সত্ৰত জন্মাষ্টমী পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in