অৱসৰৰ ৬ বছৰৰ পাছতো গ্ৰেচ্যুইটিৰ ধন লাভ কৰা নাই বেচা-কিনা নিগমৰ ১০ বিষয়া-কৰ্মচাৰীয়ে

ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি ৰাজ্য চৰকাৰে দিয়া ধন অফিচ মেৰামতিৰ নামত ব্যয় পৰিচালন সঞ্চালকৰ

author-image
Asomiya Pratidin
New Update
অৱসৰৰ ৬ বছৰৰ পাছতো গ্ৰেচ্যুইটিৰ ধন লাভ কৰা নাই বেচা-কিনা নিগমৰ ১০ বিষয়া-কৰ্মচাৰীয়ে

ডিজিটেল ডেস্ক: ৰাজ্যৰ নিগম-নিকায়সমূহত কৰ্মৰত একাংশ বিষয়া-কৰ্মচাৰী দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে পেঞ্চন আৰু অৱসৰৰ পাছত পাব লগা সা-সুবিধাৰ পৰা। শেহতীয়াকৈ তেনে এক চৰম দুৰ্ভাগ্যজনক কাণ্ড সংঘটিত হৈছে অসম বেচা-কিনা নিগমৰ ১০ জন বিষয়া-কৰ্মচাৰী।

অৱসৰপ্ৰাপ্ত এই বিষয়া-কৰ্মচাৰীসকলে পেঞ্চনৰ পাছত পাব লগা ধন বিচাৰি ন্যায়ালয়ৰ কাষ চাপিও লাভ কৰা নাই সেই ধন। ২০১৮ ৰ পৰা ২০২৪ লৈকে অসম চৰকাৰৰ বেচা-কিনা নিগমত কৰ্মৰত ১০জন বিষয়া-কৰ্মচাৰীয়ে অৱসৰগ্ৰহণ কৰিছে। ইয়াৰে এজনেও এইপৰ্যন্ত লাভ কৰা নাই পেঞ্চন আৰু গ্ৰেচ্যুইটিৰ ধন। গ্ৰেচ্যুইটি আইন অনুসৰি অৱসৰৰ পাছতে সেই ধন তেঁওলোকে লাভ কৰিব লাগে।

নিগমৰ আৰ্থিক অৱস্থা কাহিল হোৱা বুলি অজুহাত দি অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলক সেই ধন নিদিয়াত নিগমৰ পৰা উপ প্ৰৱন্ধক হিচাপে অৱসৰ লোৱা লনী ভাগৱতী কাষ চাপিছিল ন্যায়ালয়ৰ। ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে অন্য অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক গ্ৰেচ্যুইটিৰ ধনসমূহ পৰিশোধ কৰিবৰ বাবে নিৰ্দেশো জাৰি কৰিছিল ৬ এপ্ৰিল ২০২২ত।

ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্য চৰকাৰে এই বেচা-কিনা নিগমক ২ কোটি ৭০ লাখ টকা আৱণ্টন দিছিল। ইয়াৰে ১ কোটি ৩৫ লাখ টকা মোকলাই দিয়ে নিগমৰ বাবে। এই ধন লাভ কৰাৰ পাছতো বেচা-কিনা নিগমৰ পৰিচালন সঞ্চালকগৰাকীয়ে অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলক গ্ৰেচ্যুইটিৰ ধন মোকলাই নিদিলে।

ইয়াৰ বিপৰীতে অসম চৰকাৰৰ বেচা-কিনা নিগমৰ পৰিচালন সঞ্চালক হৰিপ্ৰসাদ বৰাই ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা সেই ধন নিগমৰ কাৰ্যালয় মেৰামতিত আৰু অন্যান্য কামত ব্যয় কৰাৰ সিদ্ধান্ত লয়। কমিছনৰ অংক আৰু অন্যান্য ব্যক্তিগত লাভৰ বাবে পৰিচালন সঞ্চালকগৰাকীয়ে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰাত পুনৰ আন ৩জন অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

ন্যায়ালয়ে এবাৰ নিৰ্দেশ জাৰি কৰাৰ পাছতো সেই নিৰ্দেশ অৱজ্ঞা কৰা সঞ্চালকগৰাকীক দ্বিতীয়বাৰৰ বাবে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক গ্ৰেচ্যুইটিৰ ধন পৰিশোধ কৰিবৰ বাবে নিৰ্দেশ দিব লগা হয়। উল্লেখযোগ্য যে ন্যায়ালয়ক অসম বেচা-কিনা নিগম কৰ্তৃপক্ষই শপতনামাযোগে সমুদায় ধন নহ’লেও কিছু ধন পৰিশোধ কৰিম বুলি জনাইছে।

গ্ৰেচ্যুইটিৰ ধন বিচাৰি ন্যায়ালয়ৰ কাষ চপা লনী ভাগৱতীয়ে ১১,৬৯,৮২৫ টকা পাব লগা আছে। আৰ্থিক দুৰৱস্থাৰ বাবে অসম চৰকাৰৰ বেচা-কিনা নিগমে অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলক প্ৰতিজনকে ৭ লাখ টকাকৈ গ্ৰেচ্যুইটিৰ ধন পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ন্যায়ালয়ক।

ন্যায়ালয়ে দ্বিতীয়বাৰৰ বাবে নিগমক অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ প্ৰাপ্য ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত ধন পৰিশোধ কৰিবলৈ এমাহৰ সময় বিচাৰিছে পৰিচালন সঞ্চালকগৰাকীয়ে। কিন্তু এতিয়াও সেই ধন কেতিয়া লাভ কৰে এয়া নিশ্চিত নহয় তেঁওলোক। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে সেয়ে বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰো দাবী কৰিছে।

যোৱা ৬বছৰ ধৰি অৱসৰৰ পাছত প্ৰাপ্য ধন লাভ নকৰা বিষয়া-কৰ্মচাৰীসকলক অৱস্থা এতিয়া পানীত হাঁহ নচৰা হৈছে।

Also Read: লোকসভাৰ প্ৰথম অধিবেশনতে ৬ জনগোষ্ঠীকলৈ সক্ৰিয় ফণীভূষণ : কেন্দ্ৰীয় মন্ত্ৰীৰ কৌশলপূৰ্ণ উত্তৰ

Selling And Buying Corporation Gratuity Money