ডিজিটেল সংবাদ, ওৰাংঃ গৰুখুটিৰ পিছত শোণিতপুৰৰ বৰছলাৰ চিতলমাৰীত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযানৰ অন্ত পৰিল। ২০ খন জে চি বি, ১৫ খন ট্ৰেক্টৰৰে এহাজাৰৰো অধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে পুৱা ৬ বজাৰ পৰা চলোৱা উচ্ছেদ অভিযান শান্তি পূৰ্ণ ভাৱে সমাপ্ত হয়।
নগাঁও, মৰিগাঁৱৰ লগতে বৰছলা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা আহি অবৈধ ভাৱে দখল কৰি ৰখা প্ৰায় ১০০০ বিঘা চৰকাৰী ভূমি শণিবাৰে বেদখলমুক্ত কৰে শোণিতপুৰ জিলা প্ৰশাসনে। উচ্ছেদ কৰা হয় ২৯৯ ঘৰ লোকক। প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতেই অধিকাংশ লোকেই নিজৰ নিজৰ ঘৰসমূহ ভাঙি, লাম লাকুটু লৈ আঁতৰি গৈছিল। অৱশিষ্ট ৩০ শতাংশ ঘৰ শণিবাৰে ভাঙি পেলাই প্ৰশাসনে।
পকী ঘৰ-ভেটি, খেতি সকলো এফালৰ পৰা মষীমূৰ কৰে জে চি বিৰে । ধ্বংশ কৰা হয় ইন্দিৰা আৱাস যোজনাৰ গৃহ, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু মাদ্ৰাছা। লগতে নতুন বজাৰ এলেকাত থকা বহুকেইটা পকী গৃহ ভাঙি পেলাই প্ৰশাসনে।
অন্যহাতে দুটাকৈ মছজিদ উচ্ছেদ কৰাৰ পৰা বিৰত থাকে জিলা প্ৰশাসনে। দুটাকৈ মছজিদ নাভাঙি মছজিদ সমিতিক ভাঙিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। শোণিতপুৰ জিলাৰ উপায়ুক্তৰ লগতে অসম আৰক্ষীৰ মহাপৰিদৰ্শকে সন্মূখত থাকি এই উচ্ছেদৰ নেতৃত্ব প্ৰদান কৰে ।
প্ৰশাসনক সম্পূৰ্ণ সহযোগ কৰে উচ্ছেদিত লোকসকলে। সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে প্ৰশাসনে সম্পন্ন কৰে উচ্ছেদ অভিযান। ইফালে ভূমিহীন লোকসকলে নিজে অস্থায়ীভাৱে স্থাপন কৰি লৈছে আশ্ৰয় শিবিৰ। অতি অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত অনাহাৰে অনিদ্ৰাই দিন কটাইছে উচ্ছেদিত লোকসকলে। কাৰণ এই উচ্ছেদিত মানুহখিনিৰ থকা, খোৱা অথবা সংস্থাপনৰ কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে।
কণ-কণ শিশুৰ সৈতে খাদ্য ,খোৱা-পানীৰ অভাৱত হাঁহাকাৰ কৰিছে ৰাইজে। উচ্ছেদিত গৃহহীন লোকসকলে ভূমি ক্ৰয় কৰিছিল বৰছলা সমষ্টিৰ একাংশ স্থানীয় লোকৰ পৰাই । চৰকাৰী ভূমি আজি উচ্ছেদিত হোৱা লোকক কিদৰে বিক্ৰী কৰিছিল স্থানীয় লোক সকলে ইয়াক লৈ প্ৰশ্ন কৰিছে উচ্ছেদিত লোক সকলে। একাংশ উচ্ছেদিত লোকে পুনৰ সংস্থাপনৰ দাবী জনাইছে যদিও এই সম্পৰ্কত এতিয়াই কোনো সিদ্ধান্ত লোৱা নাই বুলি উল্লেখ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । বৰছলাৰ উচ্ছেদিত ১০০০ হাজাৰ বিঘা ভূমিত চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি নিৰ্মাণ হ'ব সৌৰ শক্তিৰ এক প্ৰকল্প । য'ত ১০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব এই কথা জানিবলৈ দিয়ে শোণিতপুৰ জিলা উপায়ুক্তই।