এন আৰ চি কেলেংকাৰী : নাম সাঙোৰ খালে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু প্ৰাক্তন সমন্বয়ৰক্ষী প্ৰতীক হাজেলাৰ

এন আৰ চি কেলেংকাৰী : নাম সাঙোৰ খালে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু প্ৰাক্তন সমন্বয়ৰক্ষী প্ৰতীক হাজেলাৰ

author-image
Asomiya Pratidin
New Update
এন আৰ চি কেলেংকাৰী : নাম সাঙোৰ খালে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু প্ৰাক্তন সমন্বয়ৰক্ষী প্ৰতীক হাজেলাৰ

ডিজিটেল ডেস্ক : আৰম্ভণিৰে পৰাই বিতৰ্কৰ ওৰ নপৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অথবা এন আৰ চিৰ আন এক কেলেংকাৰীয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ । নাগৰিকত্ব সংশোধনী আইনৰ সমান্তৰালকৈ চৰকাৰে হাতত লোৱা এ আৰ চি প্ৰকল্পৰ বাবে ২০১৯ চনৰ ডিছেম্বৰ মাহত সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ ।

অসমত ১৯৫১ চনত প্ৰকাশ হোৱা প্ৰথমখন নাগৰিকপঞ্জীৰ সংশোধনীৰ পাছত আনুষ্ঠানিকভাৱে ১৯৭১ চনৰ ২৪ মাৰ্চলৈ সলনি কৰা হৈছিল লিগেচী ডাটাৰ তাৰিখ । ২০১৩ চনতেই দেশৰ উচ্চতম ন্যায়ালয়ৰ দুজনীয়া এক বিচাৰপীঠে অসম চৰকাৰক দিছিল নাগৰিকপঞ্জী সংশোধনৰ এই আদেশ । এই দুজনীয়া বিচাৰপীঠত আছিল তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিংটন নাৰিমান । এই নিৰ্দেশৰ পাছত ২০২০ চনৰ জানুৱাৰী মাহত প্ৰকাশ হৈছিল নাগৰিকপঞ্জীৰ প্ৰথম খন তালিকা । য'ত ৰাজ্যৰ প্ৰায় ৩.৩ কোটি আবেদনকাৰীৰ পৰা বাদ পৰিছিল প্ৰায় ১৯ লাখ লোকৰ নাম ।

এই সকলো বিষয়ৰ বাবেই আৰম্ভণিৰে পৰাই বিতৰ্কৰ আৱৰ্তত থকা এন আৰ চিত সংযোগ হ'ল আন এক বিতৰ্ক ।

এন অৰ চি তালিকাৰ সংশোধনীৰ বাবে আবন্টন হোৱা ১৬০০ কোটি টকাৰ এক বৃহৎ অংশ আত্মসাৎ কৰা আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ব্যক্তিগতকৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু প্ৰাক্তন সমন্বয়ৰক্ষী প্ৰতীক হাজেলাৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপন কৰিছে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ৰক্ষী হিতেশ দেৱশৰ্মাই ।

উল্লেখ্য যে, ২০১৮ চনত এন আৰু চিৰ বিৰুদ্ধে দিয়া এক গোচৰৰ ভিত্তিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সেই সময়ৰ এন আৰ চিৰ সমন্বয়ৰক্ষী প্ৰতীক হাজেলাক নাগৰিকপঞ্জীৰ ১০ শতাংশৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে বুলি মডেলিটি আৰু টাইম লাইন দাখিলৰ আদেশ দিছিল । কিন্তু আদেশৰ ১১ মাহ পাছতো প্ৰতীক হাজেলাই দাখিল নকৰিলে তেনে কোনো টাইম লাইন । ইয়াৰ পৰিৱৰ্তে নাগৰিকপঞ্জীৰ ২৭ শতাংশ আকস্মিক পুনৰীক্ষণ হোৱা বুলিহে জনাই আদালতক । এই তথাকথিত পুনৰীক্ষণত বাদ পৰিছিল প্ৰায় ১.০২ লাখ লোকৰ নাম । তেনেক্ষেত্ৰত কিয় ১০০ শতাংশ পুনৰীক্ষণ কৰা নহ'ল বুলি প্ৰশন উত্থাপন কৰে হিতেশ দেৱশৰ্মাই ।

আনহাতে, নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে আবন্টন কৰা ১৬০০ কোটিৰ ক্ষেত্ৰতো সংঘটিত হোৱা কেলেংকাৰীৰ বিচাৰতো হেমাহি প্ৰকাশ কৰিছিল প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে । আনকি অসমৰ মহাগাণনিকৰ প্ৰতিবেদনটো নাগৰিকপঞ্জীৰ ডাটা এন্ট্ৰি অপাৰেটৰ প্ৰসংগত ১৫৫ কোটি টকাৰ খেলিমেলিৰ কথা প্ৰকাশ হৈছিল ।

এই সকলো কাৰণতেই প্ৰাক্তন সমন্বয়ৰক্ষী হিতেশ দেৱশৰ্মাৰ নিযুক্তিত ৰঞ্জন গগৈয়ে বাধা প্ৰদান কৰিছিল বুলিও অভিযোগ উত্থাপন কৰে হিতেশ দেৱশৰ্মা‍ই ।

এতিয়া প্ৰশ্ন হয়, এই সকলো অভিযোগ সঁচা বুলি প্ৰমাণিত হ'লে কি পদক্ষেপ লোৱা যাব ৰঞ্জন গগৈ আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে ? যদি অভিযুক্ত তেন্তে ব্যক্তি দুগৰাকীয়ে নাগৰিকপঞ্জীৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তবোৰ গ্ৰহণযোগ্য হ'বনে ? যদি নহয়, তেন্তে এই বৃহৎ প্ৰকল্পটিৰ নামত ব্যয় হোৱা ৰাজকোষৰ ধন, সময় আৰু কষ্ট অথলে যাব নেকি ? ইয়াৰ ওপৰিও ইতিমধ্যেই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা লোকসকলৰ তথ্য জানো সম্পূৰ্ণ ৰূপে শুদ্ধ ? এই সকলো প্ৰশ্ন উত্থাপন কৰা হ'ব এই সমগ্ৰ বিষয়টিৰ সৈতে...

আৰু পঢ়ক : বোকাজানত ১ কোটি টকাৰ নিষিদ্ধ কানি জব্দ...

assam ranjan gogoi nrc