মেৰাপানীত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

মেৰাপানীত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান
Published on
Updated on

ডিজিটেল সংবাদ,মেৰাপানী : দেওবাৰে পুৱাই মেৰাপানীৰ বিভিন্ন অঞ্চলত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে চলাই বৃহৎ অভিযান। হাতে-হাতে দা, কুঠাৰ লৈ আবকাৰী বিভাগৰ জোৱানে চি আৰ পি এফৰ সহযোগত গাঁৱে গাঁৱে উচ্ছেদ কৰে ভালে সংখ্যক লোকেল চুলাইৰ ভাটি।

উল্লেখ্য যে ফৰকাটি আবকাৰী বিভাগৰ উপ-পৰিদৰ্শক ৰুবুল আলীৰ নেতৃত্বত এই অভিযান চলোৱা হয়। উপ-পৰিদৰ্শকগৰাকীৰ নেতৃত্বত ফৰকাটিং চক্ৰ, গোলাঘাট চক্ৰ আৰু ১৪২ নং চি আৰ পি এফ বাহিনীৰ সহযোগত বৰডুবি, আঠগাঁও, আমগুৰি, শোভনগাঁও আদি অঞ্চলত চুলাই মদৰ বিৰুদ্ধে অভিযান চলোৱা হয়।

অভিযানত উক্ত অঞ্চলসমূহৰ পৰা ৪২০০ লিটাৰ চুলাই বনোৱা পাচ, ত্ৰিশ লিটাৰ চুলাই মদ আৰু চুলাই প্ৰস্তুত কৰা আচ-বাব নষ্ট কৰে। আবকাৰী বিভাগে জনোৱা মতে অঞ্চলটোত অবৈধ চুলাই মদৰ ভাটিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।

মেৰাপানীত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান
বিশ্ব ক্ৰিকেটৰ মহাযুদ্ধ : সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in