চৰাইদেউত আবকাৰী বিভাগৰ অভিযান

চৰাইদেউত আবকাৰী বিভাগৰ অভিযান
Published on
Updated on

ডিজিটেল সংবাদ,চৰাইদেউ : চৰাইদেউ জিলাৰ অন্তগৰ্ত টেঙাপুখুৰী অঞ্চলত বুধবাৰে আবকাৰী বিভাগে টেঙাপুখুৰী আৰক্ষীৰ সহযোগত চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত টেঙাপুখুৰীৰ কলিয়ামাটি, নিমানগড় হাবি গাওঁ , মাইবেলা নেপালী বস্তি আদিত আবকাৰী অভিযান চলায় ।

অভিযানৰ সময়ত চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ৰখা প্ৰায় ২২০ লিটাৰ গেলাই থোৱা সামগ্ৰী, চাৰিটা চুলাই তৈয়াৰ কৰা সামগ্ৰী আৰু ২০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰে । উক্ত অভিযোগত ৪ টা গোচৰ ৰুজু কৰাৰ কথাও জানিব পৰা গৈছে।

চৰাইদেউত আবকাৰী বিভাগৰ অভিযান
মেৰাপানীত নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ঘটনাক লৈ উত্তেজনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in