ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ ধেমাজি জিলা আৰু বিধান পৰিষদ সমিতিৰ অন্তৰ্গত হাৰ্হি মাণ্ডলিক মহিলা পৰিষদৰ এখন কাৰ্যনিৰ্বাহক সভা মঙ্গলবাৰে অনুষ্ঠিত হয় । পশ্চিম মাছখোৱাৰ জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে ধেমাজি বিধান পৰিষদ সমষ্টিৰ সম্পাদিকা টিটু মণি গোঁহাই চেতিয়াই।
মাণ্ডলিকৰ সম্পাদিকা ৰুণজুন চুতীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত মণ্ডলটোৰ সমূহ আঞ্চলিক সমিতিৰ সভানেত্ৰী, সম্পাদিকা সকলে অংশগ্ৰহণ কৰে । ধেমাজি বিধান পৰিষদৰ সম্পাদিকা বন্তি চাংমাই, হাৰ্হি মাণ্ডলিক সভানেত্ৰী ৰীতা ৰাভা শইকীয়া, মাণ্ডলিক সম্পাদিকা ৰুণজুন চুতীয়াকে প্ৰমুখ্য কৰি বহু কেইগৰাকী নেত্ৰীয়ে সাংগঠনিক বক্তব্য ৰখা সভাত পশ্চিম মাছখোৱাৰ ৪খন পঞ্চায়তত আঞ্চলিক দলটোৰ সাংগঠনিক ভেঁটি আৰু মহিলা পৰিষদৰ সাংগঠনিক বুনিয়াদ সৱলীকৰণৰ বাবে অধিক মনোনিবেশ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।
সভাত পশ্চিম মাছখোৱাত আঞ্চলিকতাবাদৰ বিজয় ধ্বজা অবিৰত আৰু আজীৱন অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে উপস্থিত কাৰ্যনিৰ্বাহক সকলে। সভাতেই আগত পঞ্চায়ত নিৰ্বাচনত ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা, নিগম, নিকায়ৰ অধ্যক্ষ ,উপাধ্যক্ষ আৰু সদস্য পদত মহিলা পৰিষদক অগ্ৰাধিকাৰ দিয়া , পশ্চিম মাছখোৱাত এক ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত কৰা আদি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি অসম মহিলা পৰিষদৰ ধেমাজি জিলা আৰু বিধান পৰিষদ সমিতিলৈ প্ৰেৰণ কৰা হয়।
Also Read: অসমৰ মুখ্যমন্ত্ৰী,সংযুক্ত বড়ো গণমঞ্চ আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ বৈঠক