ডিজিটেল সংবাদ চৰাইদেউঃ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ আজি বৰহাটত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাই গ্ৰহণ কৰা সৰ্বসন্মত প্ৰস্তাৱমৰ্মে চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণক লৈ উদ্ভৱ হোৱা সমস্যাটোক লৈ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এইক্ষেত্ৰত জিলা সন্থাৰ স্থিতি স্পষ্ট কৰি কয় যে, ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক একাষৰীয়া কৰি চৰাইদেউ জিলাৰ চাৰিসীমা নিৰ্ধাৰণ কৰাটো কোনো কাৰণতে যুক্তিসংগত নহয় বুলি বিবেচনা কৰে।
আনকি চৰাইদেউ মৈদাম ক্ষেত্ৰক বাদ দি চৰাইদেউ জিলা নামকৰণ কৰাটো সম্পূৰ্ণ ভিত্তিহীন আৰু অপ্ৰাসংগিক বুলি গণ্য কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰক সামৰি চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি দাবী জনায়। সন্থাৰ সভাপতি মৃদুল কুমাৰ চাহুৰ সভাপতিত্বত অনুষ্ঠিত সভাত সন্থাৰ সাংগঠনিক কাম-কাজ পৰ্যালোচনা কৰিবৰ বাবে অহা মাৰ্চ মাহত মথুৰাপুৰত এখনি সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ পৰৱৰ্তী সময়ত পূৰ্ণাংগ প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
আনহাতে সভাৰ আলোচনা মৰ্মে চৰাইদেউ জিলাৰ কৰ্মৰত সাংবাদিকসকলৰ জীৱন পঞ্জীয়নৰ কাম খৰতকীয়া কৰা, পুঁজি সংগ্ৰহ কৰাকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
Also Read: চিৰাঙত হিন্দুস্তান পেট্ৰ'লিয়ামৰ ইন্ধন আৰু ৰন্ধন গেছ মজুত ভাণ্ডাৰৰ ভূমিপূজন সম্পন্ন