অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা : ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ

বিধানসভাৰ মজিয়াত প্রকাশিত তথ্য মতে অসমত বিগত ৭ মাহত ৫৩৩ টা হত্যাকাণ্ড আৰু ৪৬৯২ টা চুৰিকাণ্ড সংঘটিত হৈছে। অর্থাৎ প্রতিদিনে গড়ে প্রায় দুটাকৈ হত্যাকাণ্ড আৰু ২২ টাকৈ চুৰিকাণ্ড সংঘটিত হৈছে।

author-image
Asomiya Pratidin
New Update
অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা : ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ

ডিজিটেল ডেস্ক : দেওবাৰে চৰাইদেউত অনুষ্ঠিত হোৱা অসম প্রদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কার্যনির্বাহক সভাই ৰাজ্যৰ সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিকলৈ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। তাৰোপৰি শাসনিধিষ্ঠিত চৰকাৰখনৰ কেইবাটাও ক্ৰুটিপূৰ্ণ কাৰ্য ব্যৱস্থাৰ বিষয়ে বিষদভাৱে আলোচনা কৰাৰ উপৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

আজিৰ এই সভাত লোৱা প্ৰস্তাৱসমূহ হৈছে- আইন-শৃংখলা সম্পৰ্কীয় প্ৰস্তাৱ, অৰ্থনৈতিক প্ৰস্তাৱ, সাংগঠনিক প্ৰস্তাৱ, গৰিহণা প্ৰস্তাৱ আৰু জাতি জনজাতিৰ সামগ্ৰিক উন্নয়নৰ প্ৰস্তাৱ।

আজিৰ এই সভাত লোৱা আটাইকেইটা প্ৰস্তাৱ বিষদভাৱে তলত উল্লেখ কৰা হ'ল-

আইন-শৃংখলা সম্পৰ্কীয় প্ৰস্তাৱ- শেহতীয়াভাৱে ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটা বিষয়টোক লৈ উদ্বিগ্নতা প্রকাশ কৰে প্ৰদেশ কংগ্ৰেছে। এয়া আৰক্ষী বিভাগ, গৃহ বিভাগ, গৃহমন্ত্রীৰো দায়িত্বত থকা মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা তথা সামগ্রিকভাৱে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ চৰম ব্যৰ্থতা বুলি সহমত পোষণ কৰে দলটোৱে।

বিধানসভাৰ মজিয়াত প্রকাশিত তথ্য মতে অসমত বিগত ৭ মাহত ৫৩৩ টা হত্যাকাণ্ড আৰু ৪৬৯২ টা চুৰিকাণ্ড সংঘটিত হৈছে। অর্থাৎ প্রতিদিনে গড়ে প্রায় দুটাকৈ হত্যাকাণ্ড আৰু ২২ টাকৈ চুৰিকাণ্ড সংঘটিত হৈছে। চিলনী চোৰৰ উৎপাতত গুৱাহাটী মহানগৰীৰ যুৱতী-মহিলাসকল ভয়ত কম্পমান হৈ থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।

বিশেষকৈ বিগত স্বাধীনতা দিৱসৰ দিনা গুৱাহাটীকে ধৰি ৰাজ্যৰ ২৫ টা ভিন্ন স্থানত নিষিদ্ধ ঘোষিত সংগঠনে বোমা সংস্থাপন কৰা আৰু পিছত কি কি স্থানত বোমা আছে সেয়া বিবৃতিযোগে জনোৱাৰ পিছতহে আৰক্ষীয়ে সেইসমূহ উদ্ধাৰ কৰা কাৰ্যক গৃহ বিভাগৰ চূড়ান্ত ব্যর্থতা আখ্যা দিয়ে। লগতে সভাই ৰাজ্যখনত বর্তমান এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি মন্তব্য কৰে।

লগতে সভাই জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰা চৰকাৰখনৰ শাসনত অধিষ্ঠিত হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলি ঐকমত্যত উপনীত হয়। এইক্ষেত্ৰত আজিৰ সভাই গৃহমন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰি এক প্রস্তাৱ গ্ৰহণ কৰে।

ইয়াৰোপৰি সভাই ৰাজ্যখনত নাৰীজনিত অপৰাধ বৃদ্ধি পাই অহা বিষয়টো গভীৰভাৱে উদ্বেগ প্রকাশ কৰে। তেনে অপৰাধ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰাত চৰকাৰখন ব্যৰ্থ হোৱা বুলি মতপোষণ কৰি তীব্র গৰিহণা দিয়ে।

চৰকাৰী তথ্য অনুযায়ী ২০১৬ৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২৩ লৈ সৰ্বমুঠ ধৰ্ষণ কাণ্ডৰ গোচৰ ৰুজু হৈছে ১২,৭২৬। অর্থাৎ প্রতি বছৰে গড়ে ১,৮১৮ টা গোচৰ। ইয়াৰে গুৱাহাটীতে ৪৫২টা গোচৰ ৰুজু হৈছে।

কেৱল ২০২২ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই দুটা মাহতে নাৰীজনিত অপৰাধৰ গোচৰ ৰুজু হৈছে ৩,৪৬৮টা। কেৱল মাত্ৰ গুৱাহাটী মহানগৰত নাৰীজনিত অপৰাধৰ গোচৰ ৰুজু হৈছে সৰ্বমুঠ ৮,৭০০টা।

একেদৰে ২০২১ চনত মহিলাজনিত অপৰাধৰ ৰাষ্ট্ৰীয় হাৰ আছিল প্রতি ১ লাখৰ বিপৰীতে ৬৪.৫। ৰাষ্ট্ৰীয় এই হাৰৰ বিপৰীতে অসমত এই হাৰ আছিল ১৬৮.৩।

এন চি আৰ বিৰ তথ্য মতে দেশৰ ভিতৰতে অসমত নাৰীজনিত অপৰাধ বৃদ্ধি পোৱা বিষয়টোক লৈ সভাই গভীৰ উদ্বিগ্নতাৰে আলোচনা কৰে। ৰাজ্যখনত বাঢ়ি অহা বলাৎকাৰ, নাৰী নিৰ্যাতন আৰু কিশোৰীৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ ঘটনা ৰোধ কৰিবৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়।

মুখ্যমন্ত্রী ড০ শৰ্মাই নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত এক বিশেষ ধর্মাবলম্বী লোকক জড়িত কৰিবলৈ বাৰে বাৰে অপচেষ্টা চলোৱা বিষয়টো সভাই পর্যালোচনা কৰি সভাই কয়- অপৰাধীৰ কোনো জাতি আৰু ধর্ম নাই। নাৰীজনিত অপৰাধৰ লগত জড়িত লোক হিন্দুৱেই হওক বা মুছলমানেই হওক বা আন যি ধৰ্মৰেই নহওক কিয় ফাষ্টট্রেক ক'ৰ্টৰ জৰিয়তে বিচাৰ কৰি তেনে অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব লাগে।

তাৰোপৰি নাৰী নিৰ্যাতনৰ ঘটনা নিয়ন্ত্ৰণ কৰিবৰ বাবে সামাজিক আৰু মনস্তাত্বিক এক পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত কাম কৰি থকা এনজিঅ'সমূহৰ লগত আলোচনা কৰি এনে অপৰাধমূলক মানসিকতা গুৰিৰ পৰা নোহোৱা কৰিবৰ বাবে দলে প্রস্তাৱ গ্ৰহণ কৰে। এইক্ষেত্ৰত দলৰ মণ্ডল আৰু ব্লক পৰ্যায়ত কেতবোৰ সমিতি গঠন কৰি নাৰী সবলীকৰণ আৰু নাৰীক সন্মান কৰা বিষয়সমূহ আলোচনা কৰিবলৈ সভা-সমিতি অনুষ্ঠিত কৰিবৰ বাবে মহিলা কংগ্রেছকো দায়িত্ব দিবলৈ সভাই দলীয় নেতৃত্বক কর্তৃত্ব প্রদান কৰে।

লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নাৰী নির্যাতন বিষয়টোক লৈ কৰি অহা ৰাজনীতি বিশেষকৈ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত অসমত ২২টা ধৰ্ষণৰ ঘটনা ঘটা বুলি বিষয়টো ৰাজনীতিকৰণ কৰা আৰু অপৰাধীক ভাগ ভাগ কৰাৰ যি অপচেষ্টা চলাইছে সভাই তাৰ গৰিহণা দিয়ে। নাৰী নিৰ্যাতনৰ দৰে স্পৰ্শকাতৰ বিষয়টো কঠোৰ হাতেৰে দমন কৰিবৰ বাবে সভাই প্রস্তাৱ গ্ৰহণ কৰে।

অর্থনৈতিক প্রস্তাৱ- বৰ্ধিত কার্যনির্বাহক সভাই অতি শোচনীয় হৈ পৰা অসমৰ অৰ্থনৈতিক অবস্থাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে। ৰাজ্য চৰকাৰে প্রতিমাহে বিত্তীয় নাটনিৰ জোৰা-টাপলি মাৰিবৰ বাবে বিভিন্ন উৎসৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলগীয়া হৈছে।

২০১৬ চনত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰিয়েই অসম চৰকাৰে ১০ হাজাৰ কোটি টকা ঋণ এৰি থৈ যোৱা বুলি সংবাদমেল সম্বোধন কৰি বৰ্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই হৈ-চৈ লগাইছিল। সেই ঋণৰ বোজা চৰকাৰে কেনেকৈ মাৰিব বুলি ৰাইজলৈ প্রশ্ন কৰিছিল।

সেইজন হিমন্ত বিশ্ব শর্মাই এতিয়া ৰাইজৰ মূৰৰ ওপৰত প্রায় ডেৰলাখ কোটি টকা ঋণৰ বোজা জাপি দিছে। প্রতিমাহে কৰ্মচাৰীক দৰমহা দিয়াৰ নামতো ২-৩ হাজাৰ কোটিকৈ ধাৰ ল'বলগীয়া হৈছে। ৰাজ্যখনত উন্নয়নমূলক কাম-কাজ স্থবিৰ হৈ পৰিছে।

সময়মতে মথাউৰিসমূহ নিৰ্মাণ নকৰাৰ বাবে বানপানীয়ে ৰাইজক জুৰুলা কৰিছে। ২০২২ চনৰ ভিতৰত ১ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিম বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীয়ে প্রতি বছৰে ২ লাখ সংস্থাপনৰ প্রতিশ্রুতি দিয়াৰ পিছত সেই প্রতিশ্রুতি কিন্তু মুখৰ কথা হৈ থাকিল বুলি সভাই উল্লেখ কৰে।

ৰাজ্যখনৰ ৰাজহ সংগ্ৰহৰ উৎসসমূহ বৃদ্ধি কৰাৰ পৰিৱৰ্তে চৰকাৰে ৰাইজৰ ওপৰত অধিক কৰ-কাটল আৰু মাচুল জাপি দি কল্যাণকামী নীতি ভৰিৰে মোহাৰি পেলাইছে। চৰকাৰে সুৰা বিক্ৰী কৰি ৰাজহ বৃদ্ধিৰ ন ন উদ্ভাবনী উপায় উলিয়াইছে।

এবাৰ মদৰ দাম বঢ়াইছে, এবাৰ দাম কমাইছে। মদ বিক্ৰীৰ পৰা আহৰণ কৰা পুঁজিৰে চৰকাৰ চলাব বিচাৰিছে। সাধাৰণ মানুহৰ ক্রয় ক্ষমতা কমি যোৱাৰ বাবে উন্নত জীৱন-যাপনৰ বাবে ব্যয় সক্ষমতা হ্রাস পাইছে। উন্নয়নমূলক কাম-কাজত জড়িত ঠিকাদাৰসকলে এতিয়াও ২২ হাজাৰ কোটি টকাৰ বিল ৰাজ্য চৰকাৰৰ পৰা পাবলগীয়া হৈ আছে।

গড়কাপ্তানি, জলসম্পদ, মীন, বন বিভাগ, শিক্ষা, স্বাস্থ্য আদি সকলো শিতানৰ পুঁজি চৰকাৰে ঠিকাদাৰক মোকলাই দিয়াৰ ক্ষেত্ৰত ব্যর্থ হৈছে। এনে পৰিস্থিতিত পুঁজিৰ অভাৱত বজাৰ মন্দা হৈ পৰিছে। এনেধৰণৰ জনবিৰোধী কাৰ্যক আজিৰ সভাই তীব্র ভাষাৰে গৰিহণা দিয়ে আৰু ৰাজ্যখনৰ ভাগি পৰা অৰ্থনীতি পুনৰ উদ্ধাৰ কৰাৰ বাবে নতুন কেতবোৰ পৰিকল্পনা গ্রহণ কৰিবলৈ এখন বিশেষজ্ঞ কমিটি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

অসমক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত এই কমিটিখনে পৰামৰ্শ আগবঢ়াব আৰু কিদৰে ৰাইজৰ ওপৰত অধিক কৰ-কাটল নলগোৱাকৈ যুৱক-যুৱতীক উৎপাদনমুখী কার্যত জড়িত কৰি স্থানীয়ভাৱে তথা থলুৱাভাবে ক্ষুদ্র উদ্যোগ গঢ় দি সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। অসমৰ অর্থনীতিক পুনৰ সবল কৰি ঋণমুক্ত এখন অসম গঢ়িবলৈ ৰাজহ বৃদ্ধিৰ নতুন উৎস সৃষ্টি কৰা হ'ব।

থলুৱাভাৱে বিদ্যুৎ উৎপাদন কৰি বাস্তৱসন্মত কার্যপ্রণালীৰে ৰাইজক জড়িত কৰি বিদ্যুতৰ মাচুল নির্ধাৰণ কৰিবৰ বাবে উচ্চ পৰ্যায়ৰ এখন সমিতি গঠন কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰে আজিৰ সভাই। এইক্ষেত্রত পর্যটন, উদ্যন শস্য, পশুধন, মৎস্য পালন আদিত স্থানীয় ৰাইজক জড়িত কৰি অর্থনৈতিক বুনিয়াদ সবল কৰি তোলাৰো প্রস্তাৱ গ্ৰহণ কৰা হয়।

সাংগঠনিক প্রস্তাৱ- আজিৰ এই কার্যনির্বাহক সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্র সিং, সম্পাদক পৃথ্বিৰাজ সাথে, সাংসদ গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ লগতে দলৰ সকলো বিষয়ববীয়া, মহিলা কংগ্ৰেছৰ সভানেত্রী, সেৱা দল, যুৱ কংগ্রেছ, এন এছ ইউ আইকে আদি কৰি সকলো ফ্রন্টেল বিভাগৰ মুৰব্বীসকল, জিলাৰ সভাপতিসকলৰ লগতে সভাত উপস্থিত সকলো কর্মীৰ সহায়-সহযোগিতা আৰু আন্তৰিকতাক সভাই শলাগ লয়।

নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গে, ৰাহুল গান্ধীৰ দিগদর্শনত যোৱা লোকসভা নির্বাচনত কংগ্ৰেছ দলে বিজেপিৰ চল-চাতুৰী নেওচি যি অগ্রগতি লাভ কৰিলে তাৰ বাবে ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ সকলো নেতা-কর্মীৰ লগতে মহাসচিব প্রিয়ংকা গান্ধীক সভাই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।

লগতে আজিৰ সভাই এইবাৰৰ লোকসভা নির্বাচনত সমুখৰ পৰা যুঁজ দি নগাঁৱৰ লগতে যোৰহাট আৰু ধুবুৰী সমষ্টি নিজৰ দখললৈ আনিবলৈ সমর্থ হোৱা বাবে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰো শলাগ লয়। সভাই যোৰহাট সমষ্টিত বিজেপিক ধৰাশায়ী কৰি বিজয় সাব্যস্ত কৰা সাংসদ গৌৰৱ গগৈৰ লগতে জয়ৰ ধাৰা অব্যাহত ৰখা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈ আৰু অভিলেখসংখ্যক ভোটত জয়লাভেৰে ধুবুৰী সমষ্টি দখল কৰিবলৈ সমৰ্থ হোৱা ৰকিবুল হুছেইনক অভিনন্দন জ্ঞাপন কৰে।

অসমত বিগত প্রায় ৯ বছৰ বিজেপি চৰকাৰে সাধাৰণ মানুহৰ লগতে কংগ্রেছ দলৰ কর্মীসকলক জলা-কলা খুৱাইছে বুলি উল্লেখ কৰে। লগতে উল্লেখ কৰে যে ধৰ্মৰ নামত নিকৃষ্ট ষড়যন্ত্ৰৰে মানুহক ভাগ ভাগ কৰা হৈছে। উজনি-নামনি, মধ্য অসম আদি বিভাজনেৰে ৰাইজক সন্ত্ৰস্ত কৰি ৰখা হৈছে বুলি উল্লেখ কৰে।

কংগ্ৰেছে সদায় শংকৰ-আজানৰ নীতিক গুৰুত্ব দি অহা বুলি দোহাৰে। শংকৰ-আজানৰ নীতিয়ে সমভাৱ আৰু সমউন্নয়নৰ বাৰ্তা লৈ গৈছে। আজিৰ প্ৰেক্ষাপটত বৰ্তমানৰ বিজেপি চৰকাৰখনে আমাৰ সমন্বয় আৰু ঐতিহ্য ধ্বংস কৰি ভাতৃঘাতী সংঘাত লগাবলৈ অপচেষ্টা চলাইছে বুলি উল্লেখ কৰে।

জ্বলন্ত সমস্যাসমূহ সমাধানৰ পৰিৱৰ্তে আঁহ ফলা ৰাজনীতি কৰাৰ যি চেষ্টা বৰ্তমানৰ চৰকাৰখনে কৰিছে আজিৰ সভাই তাক ধিক্কাৰ দিয়ে। কংগ্ৰেছৰ তৃণমূলৰ কর্মীসকলে সমন্বয় আৰু ঐক্য-ঐতিহ্যৰ এক ঐক্যবদ্ধ অসমৰ বাৰ্তা লৈ তৃণমূলৰ ৰাইজৰ ওচৰলৈ যাব লাগিব বুলি দোহাৰে।

ইয়াৰোপৰি চৰকাৰখনৰ অগণতান্ত্রিক কাম-কাজক গৰিহণা দি ৰাইজৰ সহযোগত বহলভাৱে প্ৰচাৰ কৰিব লাগিব যে এইখন দুর্নীতিগ্রস্ত এখন চৰকাৰ। মুখ্যমন্ত্রীয়ে নিজৰ আৰু পৰিয়ালৰ সা-সম্পত্তি বৃদ্ধি কৰা আৰু সুৰক্ষিত কৰাৰ স্বাৰ্থত মূল সমস্যাসমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে বুলি সভা স্পষ্টভাৱে উল্লেখ কৰে।

তাৰোপৰি কয় যে মুখ্যমন্ত্ৰীৰ এনে নীতিক সভাই ভৎর্সনা কৰে। কংগ্ৰেছ দলৰ প্ৰতিজন কর্মীয়ে দুর্নীতিগ্রস্ত মুখ্যমন্ত্রীৰ আচল স্বৰূপ ৰাইজৰ আগত দেখুৱাই দিবলৈ ব্লক আৰু মণ্ডল পর্যায়ত সভা অনুষ্ঠিত কৰি ৰাইজক প্রকৃত কথাবোৰ অৱগত কৰিব লাগে।

২০২৬ত চৰকাৰ গঠন কৰাৰ লক্ষ্যৰে প্রতিটো মণ্ডল, ব্লক পর্যায়ত জনজাগৰণৰ সৃষ্টি কৰিব লাগিব। তাৰবাবে বৰ্তমানৰ চৰকাৰখনৰ জনবিৰোধী নীতি যেনে- অসমৰ শ্রমিক, চাহ শ্রমিক, অনুসূচিত জাতি, জনজাতি, বিভিন্ন জনগোষ্ঠীৰ দুখীয়া লোকসকলক ২৪ ঘণ্টা বিজুলী দিম বুলি প্রতিশ্রুতি দিয়া এইখন চৰকাৰে ছাত্র-ছাত্রীক পঢ়াৰ পৰা বঞ্চিত কৰিছে বুলি কয়।

বিজুলীৰ অভাৱত গ্রামাঞ্চলৰ বহু এলেকাত কণকণ ল'ৰা-ছোৱালীয়ে ভালকৈ পঢ়িব পৰা নাই, শান্তিত শুব পৰা নাই। ভুৱা প্রতিশ্রুতি দিয়া এই চৰকাৰখনক ওফৰাই পেলাবৰ বাবে কংগ্ৰেছ দলৰ প্ৰতিজন নেতা, কর্মীয়ে তৃণমূল পর্যায়ত সংকল্পবদ্ধ হ'ব লাগে।

শান্ত এক পৰিৱেশত গণতান্ত্রিকভাবে আমি প্রতিবাদ জনাই চৰকাৰক সকীয়াই দিব লাগিব যে হিটলাৰী শাসন কংগ্রেছে নামানে বুলি কয়। সেই বার্তা সকলোৰে ওচৰলৈ লৈ যাবৰ বাবে আজিৰ সভাই এক প্রস্তাব গ্রহণ কৰে।

গৰিহণা প্রস্তাৱ – আজিৰ এই সভাই বিজেপি দল আৰু চৰকাৰে ৰাজ্যখনৰ সাতামপুৰুষীয়া ঐক্য আৰু সংহতি বিনষ্ট কৰি সাম্প্রদায়িক ৰাজনীতিৰে মৌলবাদী শক্তিসমূহক উচটনি যোগাবলৈ যি অপচেষ্টা অব্যাহত ৰাখিছে তাৰ ঘোৰ বিৰোধিতা কৰে। লগতে বিজেপি দল তথা চৰকাৰৰ এনে নিকৃষ্ট আঁহ ফলা ৰাজনীতিক ধিক্কাৰ দি গৰিহণাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

সভাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু একাংশ মন্ত্ৰীৰ লগতে বিজেপিৰ শীর্ষ নেতৃত্বই বিধানসভাৰ বাহিৰে-ভিতৰে আৰু সভাই- সমিতিয়ে হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰি ৰাজনীতি কৰি ২০২৬ চনৰ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ সকলো তথ্য ৰাইজৰ ওচৰলৈ লৈ যাবলৈ প্রস্তাৱ গ্ৰহণ কৰে। দলৰ কৰ্মীসকলক বিজেপি দল আৰু চৰকাৰৰ সাম্প্রদায়িক ৰাজনীতিৰ নমুনাসমূহ বিস্তৃতভাৱে ৰাইজৰ আগত আলোচনা কৰিবলৈকো আহ্বান জনায়।

আজিৰ সভাই ঠায়ে ঠায়ে সভা-সমিতি অনুষ্ঠিত কৰি মণ্ডল আৰু ব্লক পর্যায়ৰ নেতা-কর্মীসকলক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা ৰাজনীতিৰ বিৰোধিতা কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। লগতে চৰকাৰৰ বিৰুদ্ধে সৰৱ হ'বলৈ আৰু গণতান্ত্রিক প্রমূল্যবোধক উজ্জীৱিত কৰিবলৈ আহ্বান জনায়।

আনহাতে, ভয়াৱহ ৰূপ ধাৰণ কৰা মূল্যবৃদ্ধি নিয়ন্ত্রণত ব্যর্থ হোৱা বিজেপি চৰকাৰখনক আজিৰ সভাই তীব্র সমালোচনা কৰি গৰিহণা দিয়ে। উল্লেখ্য যে, পেট্ৰ'ল-ডিজেলকে ধৰি সকলো প্ৰকাৰৰ ইন্ধন আৰু বিদ্যুতৰ মাচুল বৃদ্ধিৰে বিজেপি চৰকাৰে অসমৰ সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাই আহিছে।

২০১৪ চনত ইউ পি এ চৰকাৰৰ সময়ত অসমত পেট্র'ল বিক্রী হৈছিল ৭০ টকাত আৰু ডিজেল বিক্রী হৈছিল ৫০ টকাত। বর্তমান পেট্ৰ'ল-ডিজেলৰ দৰে ১০০ টকা চুইছেগৈ।

খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্য কম হৈ থকাৰ পিছতো অধিক দৰত তেল বিক্ৰী কৰি চৰকাৰে সাধাৰণ ৰাইজক মূল্যবৃদ্ধিৰ বোজা জাপি দিছে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে জীৱদায়িনী ঔষধ বিশেষকৈ কেঞ্চাৰ আৰু নিয়মিত ব্যৱহাৰ কৰা ঔষধসমূহৰ দাম ২০০ শতাংশ পর্যন্ত দাম বৃদ্ধি কৰি এইখন চৰকাৰে ৰাইজৰ পেটত গোৰ মাৰিছে।

বিভিন্ন দল- সংগঠনৰ প্ৰতিবাদৰ পিছতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰাৰ পৰিৱৰ্তে চৰকাৰে প্রতিদিনে জিএছটি বৃদ্ধিৰ জৰিয়তে সা-সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে। ২৪ ঘণ্টাই বিদ্যুতৰ যোগান নিয়মীয়া কৰিব বুলি প্রতিশ্রুতি দিয়া চৰকাৰখনে ৭-৮ ঘণ্টা বিদ্যুৎ কর্তন কৰি স্মার্ট মিটাৰৰ যোগেদি ৰাইজৰ তেজ শোষণ কৰিছে বুলি উল্লেখ কৰে।

এইখন চৰকাৰৰ এই শোষণ নীতিৰ বিৰুদ্ধে কংগ্রেছ দলে ইতিমধ্যে ৰাজ্যজুৰি আন্দোলন আৰম্ভ কৰিছে। স্মার্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো চৰকাৰৰ গা লৰা নাই।

যাৰ বাবে আজিৰ সভাই সা-সামগ্ৰীৰ দাম বিশেষকৈ পেট্র'ল-ডিজেল, ঔষধ আৰু স্মার্ট মিটাৰৰ যোগেদি লুণ্ঠন বন্ধ নকৰা পর্যন্ত প্রতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে। সভাই ৰাইজৰ মাজলৈ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তসমূহ লৈ যাবলৈ প্রস্তাব গ্রহণ কৰে।

সভাই সকলো শ্ৰেণীৰ নাগৰিকক লগত লৈ দামবৃদ্ধিৰ বিৰুদ্ধে ৰাজহুৱা হুংকাৰ দিবলৈ সিদ্ধান্ত গ্রহণ কৰে। ৰাজ্যখনত শিক্ষানুষ্ঠান কমাই নতুনকৈ কেৱল ৰাজহ বৃদ্ধিৰ বাবে শ শ মদৰ দোকানৰ আৱণ্টন দিয়া কার্যকো আজিৰ সভাই গৰিহণা দিয়ে।

অন্যহাতে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত প্রায় ২৩ হাজাৰ কৰ্মৰত শিক্ষকৰ দৰমহা হ্রাস কৰা কাৰ্যটো আজিৰ সভাই উদ্বেগ প্রকাশ কৰে। এনেকৈ সৰ্বত্রে সুৰাৰ প্ৰচলন বৃদ্ধি কৰি শিক্ষাৰ ফালে পিঠি দিয়া চৰকাৰখনক তীব্ৰ গৰিহণা দিয়ে আজিৰ সভাই।

জাতি-জনজাতিৰ সামগ্রিক উন্নয়নৰ প্রস্তাৱ- আজিৰ এই সভাই অসমৰ জনজাতীয় লোকসকলৰ ভূমি আৰু কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ বাবে কংগ্ৰেছ দলে সদায় কাম কৰি আহিছে বুলি সভাত উল্লেখ কৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৩০খনকৈ উন্নয়ন পৰিষদ গঠন কৰি এই উন্নয়ন পৰিষদসমূহক পুঁজিৰ আৱণ্টন দি আহিছিল।

শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, মৰাণ উন্নয়ন পৰিষদ, মটক উন্নয়ন পৰিষদ, গোর্খা উন্নয়ন পৰিষদ, চুতীয়া উন্নয়ন পৰিষদ, আদিবাসী উন্নয়ন পৰিষদ, নাথ-যোগী উন্নয়ন পৰিষদ, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ, বিষ্ণুপ্রিয়া মণিপুৰী উন্নয়ন পৰিষদ, টাই আহোম উন্নয়ন পৰিষদ, মেছ কছাৰী উন্নয়ন পৰিষদ, মণিপুৰী উন্নয়ন পৰিষদ, চিংফৌ উন্নয়ন পৰিষদ, আম্রি কাৰ্বি উন্নয়ন পৰিষদ আদি উন্নয়ন পৰিষদসমূহ গঠন কৰি অসমৰ সৰু সৰু জাতি- জনগোষ্ঠীসমূহক সম-উন্নয়নৰ বাবে কংগ্ৰেছ চৰকাৰে পুঁজিৰ আৱণ্টন দিছিল।

কিন্তু বর্তমানৰ বিজেপি চৰকাৰে এই উন্নয়ন পৰিষদসমূহলৈ পুঁজিৰ আৱণ্টন বন্ধ ৰাখিছে। অসমৰ সামগ্রিক বিকাশ তেতিয়াহে সম্ভব হ'ব যেতিয়া ক্ষুদ্র জাতিসত্বাসমূহৰ শৈক্ষিক, অর্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ সমবিকাশ হ'ব। সেইবাবেই আজিৰ সভাই জাতি- জনগোষ্ঠীসমূহৰ উন্নয়ন পৰিষদসমূহ সক্ৰিয় কৰিবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ মাজত যাতে শৈক্ষিক আৰু অর্থনৈতিক বিকাশ দ্রুতভাৱে বৃদ্ধি পায় তাৰবাবে অ'বিচি, এমঅ'বিচি, এছচি, এছটিৰ সাংবিধানিক অধিকাৰৰ ক্ষেত্ৰত সচেষ্ট ভূমিকা পালন কৰিব। চৰ অঞ্চলত বসবাস কৰা লোকসকলৰ সমবিকাশ, শিক্ষা, ভূমিৰ অধিকাৰ, স্বাস্থ্যৰ অধিকাৰ আদি বিষয়সমূহ সভাই গুৰুত্বসহকাৰে আলোচনা কৰে।

কাৰ্বি আংলং আৰু বিটিচি এলেকাত ষষ্ঠ অনুসূচীৰ সঠিক ৰূপায়ণ বিশেষকৈ সংবিধান প্রদত্ত অধিকাৰসমূহ প্রদান কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে ধৃতৰাষ্ট্ৰ নীতি গ্রহণ কৰা দেখা গৈছে বুলি কটাক্ষ কৰে। ষষ্ঠ অনুসূচীৰ অধীনত থকা জনজাতীয় লোকসকলে প্রতিটো বিভাগৰে যাতে সাংবিধানিক অধিকাৰ লাভ কৰি সঠিকভাৱে পুঁজিৰ ব্যৱহাৰ কৰিব পাৰে তাৰপ্ৰতি দৃষ্টি দিবলৈ সভাই প্রস্তাব গ্রহণ কৰে।

একেদৰে, অসমৰ চাহ শ্রমিকসকলৰ সমস্যাৰ কথা বিস্তৃতভাৱে পর্যালোচনা কৰি তেওঁলোকৰ স্বাস্থ্য, ভূমি পট্টন, ল'ৰা-ছোৱালীৰ শিক্ষা, নিয়োগ আদি সমস্যা সমাধানৰ বাবে এক নতুন নীতি প্রস্তুতৰ পোষকতা কৰে। চাহ শ্রমিকসকল আৰু চাহ বাগিচাসমূহৰ বাবে প্ৰয়োগ কৰা আছাম টি প্লেন্টেশ্যন প্রভিডেন্ট ফাণ্ড স্কিম এক্ট, ১৯৯৫ আৰু আনুষাংগিক আইনসমূহৰ যাতে সঠিক ৰূপায়ণ হয় আৰু অসমৰ চাহ উদ্যোগক যাতে পুনৰ উজ্জীৱিত কৰিব পৰা যায় তাৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰে।

বৰাক আৰু ব্ৰহ্মহ্মপুত্ৰ উপত্যকাৰ চাহ শ্রমিকসকলৰ দৈনিক মজুৰিৰ বৈষম্য দূৰ কৰি ন্যূনতম ৪০০ টকা মজুৰি প্ৰদানৰ প্রস্তাৱ সভাই পর্যালোচনা কৰে। নতুন চাহ নীতিত এই দিশসমূহ অন্তর্ভুক্ত কৰি অসমৰ চাহ উদ্যোগক শক্তিশালী কৰিবৰ বাবে প্রচেষ্টা লোৱাৰ হকে প্রস্তাৱ গ্রহণ কৰে।

সভাই অসমৰ ক্ষুদ্র চাহ খেতিয়কসকলৰ সমস্যা সন্দর্ভতো সুক্ষ্মভাৱে বিশ্লেষণ কৰে। গ্রামাঞ্চলৰ বিশেষকৈ উজনি অসমৰ গ্ৰাম্য অর্থনীতিৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্রত থলুৱা চাহ খেতিয়কসকলে যি পৰিশ্ৰম কৰি আছে তাৰ সঠিক মূল্যায়ন কৰিবৰ বাবে বজাৰ সৃষ্টি আৰু চাহিদা আৰু যোগানৰ লগত সমতা ৰক্ষাৰ বাবে দলে এক বিশেষজ্ঞ সমিতি গঠন কৰি কেঁচা চাহপাতৰ মূল্য নির্ধাৰণৰ ব্যৱস্থা গ্রহণ কৰিব।

খেতিয়কৰ প্রতিকেজি কেঁচা চাহপাতৰ দৰ যাতে ৩০ টকাৰ তলত নহয় সেই বিষয়েও ফেক্টৰীৰ লগত জড়িত লোকসকল আৰু বজাৰ সৃষ্টি কৰা সংস্থাসমূহৰ লগত সমন্বয় গঢ়ি তোলাৰ ব্যৱস্থা গ্রহণ কৰিব। এইক্ষেত্ৰত বিভিন্ন চাহ শ্রমিকৰ সংস্থা, ক্ষুদ্র চাহ খেতিয়ক সংস্থা, ফেক্টৰী মালিক সংস্থা আৰু চৰকাৰী কর্তৃপক্ষৰ লগত দলে দফাই দফাই আলোচনা কৰি সঠিক সিদ্ধান্ত গ্ৰহণৰ ব্যৱস্থা কৰিব।

তাৰোপৰি কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ লগে লগে চাহ উদ্যোগক পুনৰ উজ্জীৱিত কৰাৰ লগতে চাহ খেতিয়ক আৰু শ্রমিকৰ মুখত হাঁহি বিৰিঙোৱাৰ ব্যৱস্থা গ্রহণ কৰা হ'ব।

Also Read: আন্তৰ্জাতিক ক্ৰিকেটক বিদায়

charaideo rakibul hussain bhupen borah gaurav gogi Assam Pradesh Congress