জয়পুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ আজব কাণ্ড ! শিক্ষকতা কৰে লাহোৱাল ফুলচান্দ এল পি স্কুলত – দৰমহা লয় নিগাম কেন্দ্ৰৰ ভস্কবাৰী এল পি স্কুলত…

জয়পুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ আজব কাণ্ড ! শিক্ষকতা কৰে লাহোৱাল ফুলচান্দ এল পি স্কুলত – দৰমহা লয় নিগাম কেন্দ্ৰৰ ভস্কবাৰী এল পি স্কুলত…

author-image
asomiyapratidin
New Update
জয়পুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ আজব কাণ্ড ! শিক্ষকতা কৰে লাহোৱাল ফুলচান্দ এল পি স্কুলত – দৰমহা লয় নিগাম কেন্দ্ৰৰ ভস্কবাৰী এল পি স্কুলত…

নামৰূপডিজিটেল সংবাদ : ২০১০ চনৰ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা  শিশু শিক্ষা অধিকাৰ আইন আজিও সঠিক ৰূপত প্ৰণয়ন  নাই হোৱা ই নিশ্চিত । নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰতি ৪০ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন কৈ শিক্ষক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত প্ৰতি  ৩৫ জন ছাত্র ছাত্ৰীৰ বিপৰীতে এজনীয়া শিক্ষক থকাটো  বাধ্যতামূলক যদিও চৰকাৰে আজিও এজনীয়া শিক্ষকৰ সমস্যা সমাধান কৰিব  পৰা নাই । ডিব্ৰুগড় জিলাৰ  জয়পুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নিগাম কেন্দ্ৰৰ অধীনত বৰ্তমানেও বহুকেইখন  বিদ্যালয়ত আছে এজনীয়া শিক্ষক । আশ্চৰ্যকৰ যে, এজনীয়া শিক্ষকৰ বাতৰি সংগ্ৰহৰ বাবে  উপস্থিত হওঁতে উদ্ধাৰ হ'ল আন এক আজব কাণ্ড । নিগাম কেন্দ্ৰৰ অধীনৰ ১০৬ গৰাকী ছাত্ৰ ছাত্ৰী থকা ভষ্কবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষক আছে দুগৰাকী কিন্ত  বিদ্যালয় খনৰ পৰা দৰমহা হয় তিনিগৰাকী শিক্ষকৰ। এই সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে জনোৱা মতে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে স্বপ্নালী নেওগ নামৰ শিক্ষয়িত্ৰী গৰাকীৰ বদলি হয় লাহোৱাল ফুলচান্দ কেজৰীৱাল এল পি স্কুললৈ । গুৰুত্বপূৰ্ণ যে, শিক্ষয়ত্ৰী গৰাকীযে আজিও ভস্ক বাৰী এল পি স্কুলৰ পৰাই লৈ আছে দৰমহা । এই সন্দৰ্ভত প্ৰধান শিক্ষক গৰাকীযে কিছুদিন পূৰ্বেহে অৱগত হোৱা বুলি উল্লেখ কৰে যে,  সহ শিক্ষক,  বা শিক্ষক সকলৰ দৰমহা বিলত প্ৰধান শিক্ষক জনে চিল চহী মৰাৰ পিছতহে শিক্ষক সকলৰ দৰমহা হয় । কিন্তু  ভস্কবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ চিল চহী নোহোৱাকৈও বদলি হৈ যোৱা শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰায় এটা বছৰে কেনেকৈ ভস্কবাৰী প্ৰাথমিক বিদ্যালৰ নামত  দৰমহা লৈ আছে  এই বিষয়ে অৱগত নহয় বুলি প্রধান শিক্ষক গৰাকীয়ে  অৱগত কৰে যদিও বিষয়টো সন্দেহৰ থল আছে । আনহাতে মাহমৰা বৰপথাৰ সমল কেন্দ্ৰৰ বহু বিদ্যালয়তো আজি পৰ্যন্ত এজন শিক্ষকেৰেই পাঠ দান চলি আছে ।     

চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহৰ ভিতৰত চেউনি প্ৰাথমিক বিদ্যালয়,ৰাজঘাট প্ৰাথমিক বিদ্যালয়,গনেশপূৰ প্ৰাথমিক বিদ্যালয়, শান্তিপূৰ প্ৰাথমিক বিদ্যালয়, দক্ষিণ চামগুৰি প্ৰাথমিক বিদ্যালয় ,ৰেঙনি বাম প্ৰাথমিক বিদ্যালয়, ভৰকনাওহলা প্ৰাথমিক বিদ্যালয়ত বৰ্তমানেও এজনীয়া শিক্ষকেই পাঠদান কৰিবলগীয়া হোৱাত শ শ কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ  অন্ধকাৰ নামি আহিছে ।গ্ৰাম্যাঞ্চলৰ এই বিদ্যালয় সমূহৰ শিশু  সকলক লৈ  হেতালি খখেলি একাংশ শিক্ষকে শিক্ষা বিভাগক আগ দুৱাৰে নোৱাৰলে পিছ দুৱাৰে মেনেজ কৰি নিজ খেয়াল খুচিমতে বদলি  লয় ।

অসম চৰকাৰ তথা শিক্ষাবিভাগে বিভাগটোৰ আমূল পৰিবৰ্তন ৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও  বিভাগটোত স্বচ্ছতাৰ আজিও অভাৱ পৰিলক্ষিত হয় । এজনীয়া শিক্ষকৰ এই বিদ্যালয় সমূহৰ  কোনো কোনো বিদ্যালয়ৰ একমাত্ৰ প্ৰধান শিক্ষকগৰাকীৰ অৱসৰৰ সময়ো সমাগত । একমাত্ৰ শিক্ষক জনৰ অৱসৰৰ পিছত বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীৰ কি অৱস্থা হব  তাক লৈ চিন্তিত হৈছে সচেতন মহল। এই বিদ্যালয়সমূহৰ অধিক সংখ্যকৰ আন্তঃগাঁথনি উন্নত নোহোৱাৰ উপৰি শৈক্ষিক মানদণ্ডও অত্যন্ত  দুখজনক। এই প্ৰতিবেদক নিগাম কেন্দ্ৰৰ অন্তৰ্গত এনে এখন বিদ্যালয়ত  উপস্থিত হোৱা সময়ত দেখা গ'ল এজন শিক্ষকৰ বিপৰীতে শতাধিক ছাত্ৰ ছাত্ৰী । বিদ্যালয়খনৰ ক মানৰ পৰা পঞ্চম মান পৰ্যন্ত উপস্থিতি লওঁতেই মধ্যাহ্ন ভোজনৰ সময় হ'ল । দেখা গল বিদ্যালয় খনৰ অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়েই নেজানে পূৰণ হৰণৰ অংক, বা নাজানে  ইংৰাজী বৰ্ণমালাকেইটা সম্পূৰ্ণ কৈ লিখিব । কিয়নো এজন শিক্ষকে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান কৰাটো মুঠেই সম্ভৱ নহয় । তদুপৰি এই শিক্ষকজনাই মধ্যাহ্ন ভোজনৰ  বাবে খৰি খেৰ যোগাৰ কৰা, শাক পাচলি বজাৰ কৰাৰ পৰা বেংকলৈ যোৱালৈকে সকলো কাম কৰোঁতেই জুৰুলা হব লগা হয় । ফলত ছাত্ৰ ছাত্ৰীক শ্ৰেণীত পাঠদানত ব্যাঘাট জন্মাৰ লগতে শ্ৰেণীকোঠাসমূহতো ব্যাপক অৰাজকতা সৃষ্ট হোৱা বুলি শিক্ষক সকলে অৱগত কৰে । এজনীয়া শিক্ষকৰ বিদ্যালয় সমূহত চৰকাৰে শীঘ্ৰে ব্যৱস্থা নল'লে একাংশ উঠি অহা এজাক শিশুৰ  ভৱিষ্যত কলিতে ধ্বংশ হোৱাটো নিশ্চিত ।

আৰু পঢ়ক : দেশৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে জগদীপ ধনখড়ে…

assam ranoj pegu education dept