নকল সোণৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী: এই পৰ্যন্ত গ্ৰেপ্তাৰ ১৬০...

নগাঁৱৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে সাঙোৰ খাইছিল নকল সোণৰ ব্যৱসায় তথা ইয়াৰ সৈতে জড়িত সকলৰ প্ৰসংগ

author-image
Asomiya Pratidin
New Update
নকল সোণৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী: এই পৰ্যন্ত গ্ৰেপ্তাৰ ১৬০...

ডিজিটেল ডেস্ক : ৰাজ্যত অব্যাহত আছে নকল সোণৰ বিৰুদ্ধে অভিযান। নগাঁৱৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে সাঙোৰ খাইছিল নকল সোণৰ ব্যৱসায় তথা ইয়াৰ সৈতে জড়িত সকলৰ প্ৰসংগ। যাৰ বাবে লখিমপুৰৰ বঙালমৰাকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে নকল সোণৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ জনসংযোগ শাখাই জনোৱা তথ্য অনুসৰি ১৫ মে'ৰ পৰা বৰ্তমান পৰ্যন্ত অসম আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ী তথা সৰবৰাহকাৰীৰ মুঠ ১৬০ জনক গ্ৰেপ্তাৰ কৰিছে। য'ত গুৱাহাটী মহানগৰীৰ ৩ জন, কামৰূপৰ ৬ জন, বৰপেটাৰ ৪ জন, নগাঁৱৰ ৮ জন, শোণিতপুৰৰ ৪৫ জন, দৰঙৰ ১ জন, লখিমপুৰৰ ৬৩ জন, গোলাঘাটৰ ২ জন, মৰিগাঁৱৰ ১১ জন, বঙাইগাঁৱৰ ২ জন, চিৰাঙৰ ১ জন, বিশ্বনাথ চাৰিআলিৰ ১০ জন, হোজাইত ৩ জন আৰু তামুলপুৰৰ ১ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, নকল সোণৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে চলা এই অভিযানকালত আৰক্ষীয়ে জালনোট, নকল সোণ, লেপটপ, কম্পিউটাৰ আদিকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। অসম আৰক্ষীৰ মতে এই ব্যৱসায়ৰ লগত জড়িত চক্ৰটোক সম্পূৰ্ণ উৎখাত নকৰাৰ পৰ্যন্ত অভিযান অব্যাহত থাকিব।

Also Read: উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া...

Assam police