কাছাৰত ফাদিল হোৱা নাই প্ৰশ্নকাকতঃ ডাঃ ৰণোজ পেগু

কাছাৰত ফাদিল হোৱা নাই প্ৰশ্নকাকতঃ ডাঃ ৰণোজ পেগু
Published on
Updated on

ডিজিটেল ডেস্কঃ আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে । প্ৰথম দিনা ইংৰাজী বিষয়েৰে আৰম্ভ হৈছে পৰীক্ষা। কিছুসময় পূৰ্বে ছ'ছিয়েল মেডিয়াত ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ছ’ছিয়েল মিডিয়াৰ যোগেদি কাছাৰৰ বাশকান্দি নেনা মিয়া পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷

কিন্তু মেট্রিক পৰীক্ষাৰ প্রশ্নকাকত ফাদিল সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰশ্নকাকত ফাদিল হোৱা বাতৰিটো সম্পূৰ্ণ ভুৱা বুলি মন্তব্য কৰে।

কাছাৰৰ সংশ্লিষ্ট কেন্দ্রটোলৈ জিলা প্রশাসনক ঘটনাৰ সন্দৰ্ভত তদন্তৰ বাবে প্রেৰণ কৰা হৈছিল। তদন্তত প্ৰশ্নকাকত ফাদিল হোৱা বাতৰিটো ভুৱা বুলি পোহৰলৈ আহে। কোনো দুষ্ট চক্রই উদ্দেশ্য প্রণোদিতভাৱে এই অপপ্রচাৰ চলাইছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰে।

উল্লেখ্য যে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই পৰীক্ষা ৪ মাৰ্চলৈ চলিব। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যৰ মুঠ ৯১৩ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে আৰু পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪,২৭,৯২২ গৰাকী।

কাছাৰত ফাদিল হোৱা নাই প্ৰশ্নকাকতঃ ডাঃ ৰণোজ পেগু
মথুৰাপুৰ ছ'চিয়েল ৱেলফেয়াৰ গ্ৰুপৰ উল্লেখনীয় পদক্ষেপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in