ডিজিটেল ডেস্কঃ তামাৰহাটৰ বাহাকাটি গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চিপ লোৱা অৱস্থাত ছাত্রীৰ মৃতদেহ উদ্ধাৰ। বৃহস্পতিবাৰে উদ্ধাৰ হয় মৃতদেহটো।
মৃত ছাত্রীগৰাকী মুন্নাফ আলী নামৰ লোকজনৰ প্রথম পত্নীৰ কন্যা আছিল। পিতৃ আৰু মাহীমাকে মিলি হত্যা কৰাৰ অভিযোগ ছাত্ৰীগৰাকীৰ মাতৃৰ।
অভিযোগ অনুসৰি মাহীমাক আৰু পিতৃয়ে ছাত্ৰীগৰাকীৰ ওপৰত চলাই আহিছিল নিৰ্যাতন। মুন্নাফ আলী আৰু সাহানাজ বিবিৰ বিৰুদ্ধে এজাহাৰ দাখিল মাতৃৰ।
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে পিতৃ মুন্নাফ আলীক। বৰ্তমানে পলাতক মাহীমাক সাহানাজ বিবি। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।
Also Read: বিপদত মুখ্যমন্ত্ৰীৰ পদ!