ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত খিলঞ্জীয়া মুছলমান বসতি প্ৰধান বালিমুখ গাঁৱত বিগত কেইবছৰৰ দৰে এইবাৰো ঈদ উপলক্ষে আয়োজন কৰা খেল ধেমালিৰ দেওবাৰে বঁটা বিতৰণী সভাখন অনুষ্ঠিত কৰা হয়।
আয়োজক সমিতিয়ে জনোৱা মতে গাঁৱখনৰ যুৱকসকলৰ দ্বাৰা গঠিত "আজানপীৰ যুৱক সংঘৰ" উদ্যোগত ঈদ উল ফিৎৰৰ পিছদিনাৰ পৰাই গাঁৱৰ কিশোৰ- কিশোৰী আৰু যুৱক- যুৱতী সকলৰ মাজত সুপ্ত হৈ থকা ক্ৰীড়া,সাহিত্য আৰু সাংস্কৃতিক প্ৰতিভাসমূহ বিকাশ কৰাৰ মহান উদ্দেশ্য আগত ৰাখি তিনি দিনিয়াকৈ অনুষ্ঠিত কৰা হৈছিল বিভিন্ন ধৰণৰ খেল ধেমালি।
বিভিন্ন প্ৰতিযোগিতাত স্থান পোৱাসকলক বঁটা প্ৰদান উপলক্ষে দেওবাৰে বিয়লিৰ ভাগত বালিমুখ প্ৰাথমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বঁটা বিতৰণী সভাখনৰ সামৰণি পৰে সন্ধিয়াৰ ভাগত। গাঁৱখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা হাজী মজমিল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী আৰু সম্বৰ্ধনা সভাত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথ,লেখক তথা বিদ্যুত বিভাগৰ অৱসৰপ্ৰাপ্ত গাননিক বিষয়া মুহিকান্ত বৰদলৈ,ঝাৰগাঁও পঞ্চায়তৰ সভানেত্ৰী লক্ষ্মী মাই কেলেং,ঝাৰগাঁও আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি বাবুল দাস,চৰকাৰী গাঁওপ্ৰধান ওচমান আলী,বৰবৰী মিলন মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চাহাবুল হক,অৱসৰপ্ৰাপ্ত শিক্ষক শচীন ডেকা,বালিমুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ মেধী,সমাজকৰ্মী মিজানুৰ ৰহমানে।
সভাত উপস্থিত থাকে গাঁৱখনৰ সমাজকৰ্মী বুলু দেৱান,আব্দুল কাদিৰ, আৰু আবুল কাছেম। সাংবাদিক নজৰুল ইছলামে আত ধৰা সভাখনত গাঁৱৰ সকলো ডেকা বুঢ়া, যুৱক যুৱতীৰ উপস্থিতিত বালিমুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰাধাকান্ত ডেকাক গামোচা, চেলেং চাদৰ, জাপি,শৰাই আৰু এখন সম্বৰ্ধনা পত্ৰৰে বিদায় জনোৱা হয়।
উল্লেখযোগ্য যে ৰাধাকান্ত ডেকাই বালিমুখ প্ৰাথমিক বিদ্যালয়ত ১৯৮৮ চনত যোগদান কৰিছিল আৰু ২০২১ চনত একেখন বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে। আজিৰ সভা খনতে বালিমুখ গাৱৰ পটভূমিত লিখা "কোন ঘাটে চপাও মই নাও"উপন্যাসৰ স্ৰষ্টা লেখক মুহিকান্ত বৰদলৈ ক উষ্ণ আদৰণি জনোৱা হয়।
সভাৰ আৰম্ভণিতে বালিমুখ আজানপীৰ যুৱক সংঘৰ সম্পাদক মহৰ আলী আৰু সদস্য সকলে পৰিবেশন কৰে এটি জিকিৰ। মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংঘৰ সভাপতি জেকিবুৰ ৰহমানে। মুকলি সভাৰ প্ৰাক ক্ষণত মুকলি কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে ইলিয়াছ আলী আৰু দুলু আহমেদে।
Also Read: “সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ বাৰ্ষিক অধিবেশন আৰু ব’হাগৰ আনন্দ উৎসৱ উদযাপন