জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী কৃতি শিক্ষাৰ্থীক বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে। বিদ্যালয়খনৰ দুই কৃতি শিক্ষাৰ্থী মুনমী ডেকা আৰু বিজয় দাসে সৰ্ব্বভাৰতীয় নীট (NEET) পৰীক্ষাত উত্তীৰ্ণ হৈ দুখনকৈ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্ত্তিৰ সুযোগ লাভ কৰে।

সৰ্বভাৰতীয় পৰ্যায়ত দুই কৃতি শিক্ষাৰ্থীয়ে বিদ্যালয় তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে শুকুৰবাৰে বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন ও সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ এই উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী,প্ৰাক্তন শিক্ষাৰ্থী, অভিভাৱক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষসকলৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷

এই সভাত বিদ্যালখনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁলোকে মুনমী ডেকা আৰু বিজয় দাসক অভিনন্দন পত্ৰ প্ৰদান কৰি ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। লগতে জামুগুৰিহাটৰ চকুৰোগ বিশেষজ্ঞ ডা° মৃনাল তামুলীয়ে আগবঢ়োৱা ৫০ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ দুয়োগৰাকীকে ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে ৷

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান
ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সভাৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in