ৰণক্ষেত্ৰত পৰিণত ফুটবল খেলপথাৰ : মাৰপিটত গুৰুতৰভাৱে আহত কেইবাজনো

ৰণক্ষেত্ৰত পৰিণত ফুটবল খেলপথাৰ : মাৰপিটত গুৰুতৰভাৱে আহত কেইবাজনো
Published on
Updated on

ডিজিটেল ডেস্কঃ কাছাৰৰ মধুৰাঘাটত বুধবাৰে নিশা ফুটবল খেলক কেন্দ্র কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। দুটা পক্ষৰ সংঘটিত হোৱা মাৰপিটৰ ফলত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। বৰখলা বালিঘাট আৰু মধুৰাঘাটৰ দলৰ মাজত এই মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মধুৰামুখ চুপাৰ ক্লাবৰ ব্যৱস্থাপনাত মধুৰাঘাট অঞ্চলত আয়োজন কৰা হৈছিল নৈশ ফুটবল প্ৰতিযোগিতা। বুধবাৰে নিশা আছিলে প্ৰতিযোগিতাৰ চেমিফাইনল ৷ বৰখলা বালিঘাট এটা দল আৰু মধুৰাঘাটৰ স্থানীয় এটা দলৰ মাজত চলিছিল চেমিফাইনল খেল ।

খেল চলি থকাৰ সময়ত হঠাৎ ৰণক্ষেত্ৰত পৰিণত হ'ল খেলপথাৰ। এটা টাইব্রেকাৰক কেন্দ্ৰ কৰি দুই দলৰ মাজত আৰম্ভ হয় কাজিয়া। খেলপথাৰত দুই দলসহ সমৰ্থকৰ মাজত আৰম্ভ প্ৰচণ্ড মাৰপিট ৷ হাতত বাঁহ, লাঠি লৈ এজনে আক্ৰমণ কৰে আনজনক । ভয়ংকৰ এই মাৰপিটৰ ঘটনাত দুই পক্ষৰ কেইবাজনো লোক আহত হয় ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। সম্প্ৰতি আহতসকলক শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

ৰণক্ষেত্ৰত পৰিণত ফুটবল খেলপথাৰ : মাৰপিটত গুৰুতৰভাৱে আহত কেইবাজনো
আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in