ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত একাংশ কিন্নৰক ভুৱা কিন্নৰ বুলি অভিযোগ উত্থাপন কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত বকো বজাৰৰ মাজমজিয়াত শনিবাৰে কিন্নৰ এগৰাকীয়ে এজন লোকৰ পৰা টকা বিচাৰে । লোকগৰাকীয়ে টকা দিবলৈ অস্বীকাৰ কৰোতে কিন্নৰগৰাকীয়ে অশ্লীল গালি-গালাজ আৰম্ভ কৰে ।
লোকগৰাকীয়েও ওলোটাই কিন্নৰগৰাকীক গালি-গালাজ কৰাত দুয়োৰে মাজত বাক-বিতণ্ডা হয়। বাক-বিতণ্ডাই মাৰ-পিটলৈ ৰূপান্তৰ হয়। সেই সময়ত কাষত থকা আন দুগৰাকী কিন্নৰে টকা দিবলৈ অস্বীকাৰ কৰা লোকগৰাকীক বেয়াকৈ মাৰ-পিট কৰে । লগে লগে লোকগৰাকীসহ বকো বজাৰৰ আশে-পাশে থকা আন আন লোকে কিন্নৰ কেইগৰাকীক ভুৱা কিন্নৰ বুলি সন্দেহৰ আঙুলি টোঁৱাই বকো আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে ।
আনকি বকোৰ ৰাইজক ভুৱা কিন্নৰে টকা বিচৰাৰ নামত প্ৰায়ে হাৰাশাস্তি কৰি অহা বুলিও আৰক্ষীৰ ওচৰত অভিযোগ কৰে । ৰাইজৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে তিনিগৰাকীকৈ কিন্নৰক আটক কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে যদিও আৰক্ষীয়ে এতিয়ালৈকে সেই সন্দৰ্ভত কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই।
আৰু পঢ়কঃ আৰক্ষীৰ জালত পৰিল আৰক্ষী ! ভিজিলেঞ্চে আটক কৰিলে কচুৱা থানাৰ এছ আই অনুপ কটকীক…