মঙলদৈত কৃতি ছাত্ৰ-ছাত্ৰী আৰু নৱ নিযুক্তৰ সম্বৰ্ধনা অনুষ্ঠান

মঙলদৈত কৃতি ছাত্ৰ-ছাত্ৰী আৰু নৱ নিযুক্তৰ সম্বৰ্ধনা অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ,‌মঙলদৈ: মঙলদৈৰ দৰঙী কৃষি সমবায় সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। দৰং জিলাৰ অন্যতম কৃষি ভিত্তিক সমবায় দৰঙী কৃষি সমবায় সমিতিয়ে কৃষি কৰ্মৰ লগতে শৈক্ষিক আৰু সামাজিকভাৱে সমাজখনক আগবঢ়াই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে ৷

শনিবাৰে দৰং জিলা সাহিত্য সভা প্ৰকল্পত সমবায় সমিতিৰ সদস্য পৰিয়ালৰ কৃতি ছাত্ৰ-ছাত্ৰী আৰু শেহতীয়াকৈ চৰকাৰী চাকৰি নিযুক্ত প্ৰাপ্ত সদস্যক ৰাজহুৱা সম্বৰ্ধনা জনায়। এই বিশেষ অভিনন্দন অনুষ্ঠানত দৰং জিলা কৃষি বিভাগৰ সহকাৰী কৃষি সঞ্চালক বিদ্যুৎ কুমাৰ তালুকদাৰ উপস্থিত হৈ সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰী আৰু নৱ নিযুক্তি প্ৰাপ্তসকলক অভিনন্দন জনোৱাৰ লগতে সমবায়খনৰ লগত জড়িত সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত সমবায় সমিতিখনৰ শতাধিক সদস্যৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে।

মঙলদৈত কৃতি ছাত্ৰ-ছাত্ৰী আৰু নৱ নিযুক্তৰ সম্বৰ্ধনা অনুষ্ঠান
মথুৰাপুৰত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in