ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ পৰিচালক হেমেন দাস আৰু নাই...

ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ পৰিচালক হেমেন দাস আৰু নাই...
ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ পৰিচালক হেমেন দাস আৰু নাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যৰ যশস্বী চলচ্চিত্র পৰিচালক হেমেন দাস আৰু নাই। ৭৭ বছৰ বয়সত তেখেতে বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। 'যুঁজ', 'গৰখীয়া', 'মৃগনাভি' আদি কেইবাখনো ছবি পৰিচালনা কৰি অসমীয়া ৰাইজৰ চিনাকী হৈ পৰা এইগৰাকী ছবি পৰিচালকে 'যুঁজ' ছবিখনৰ বাবে লাভ কৰিছিল ৰাষ্ট্রীয় চলচ্চিত্র বঁটা।

প্ৰয়াত হেমেন দাস পৰিচালকৰ উপৰিও একেধাৰে আছিল চিত্ৰনাট্যকাৰ, অভিনেতা, লেখক। তেওঁ আছিল অসম সচিবালয়ৰ কৰ্মচাৰী। ২০০৪ চনত তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

দুালল ৰয়ৰ 'আশ্ৰয়' ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা হেমেন দাসে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত নিজৰ প্ৰথমখন ছবিৰ বাবেই শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৭ ত মুক্তি পোৱা তেওঁৰ তৃতীয় তথা অন্তিমখন ছবি 'মৃগনাভি'য়েও বহু কেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ পৰিচালক হেমেন দাস আৰু নাই...
জম্মু-কাশ্মীৰত দুদিন ধৰি সংঘৰ্ষঃ ৫ সন্ত্ৰাসবাদী নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in