ডিজিটেল ডেস্কঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। নাজিৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে বিৰোধী দলৰ দলপতি দেৱব্রত শইকীয়াই।
বিদ্বেষমূলক মন্তব্য কৰাৰ পৰিপ্রেক্ষিতত এজাহাৰ দাখিল কৰিছে শইকীয়াই।তেওঁ কয় যে, মুখ্যমন্ত্ৰী শৰ্মাই ছোনীয়া গান্ধীক উদ্দেশ্য়ি বিৰূপ মন্তব্য় কৰিছিল।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতে অসমৰ মুখ্যমন্ত্ৰীক চমন জাৰি কৰিছিল। অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে জাৰি কৰা চমনত মুখ্যমন্ত্ৰী শৰ্মাক ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছিল।
উত্তৰাখণ্ড কংগ্ৰেছৰ মুখপাত্ৰ গণেশ উপাধ্যায়ে শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। তেওঁ কৈছিল যে, ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত শৰ্মাই এক সভা সম্বোধন কৰি ৰাহুল গান্ধীৰ বংশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে মানহানিজনক মন্তব্য কৰিছিল।
Also Read: শিঙিজান নদীৰ সমীপত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ...