ডিজিটেল সংবাদ, বিশ্বনাথঃ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, দেশপ্রাণ লক্ষ্মীধৰ শৰ্মাৰ জাতীয় প্ৰেমৰে উদ্বুদ্ধ বিশ্বনাথৰ ঐতিহাসিক গড়েহাগি গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সদৌ বিশ্বনাথ জিলা সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সামৰণি পৰে ৷ বিয়লি বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।
উপদেষ্টাগৰাকীয়ে সভাত অংশগ্ৰহণ কৰি কয় যে, "ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ লগতে জাতীয় জীৱনৰ সমস্যাৰ ক্ষেত্ৰটো সমান্তৰালভাৱে আগবঢ়াই নিব লগীয়া হৈছে ।" সভাত ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সম্পাদক শংকৰজ্যোতি বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে। সভাত আছুৰ উপদেষ্টা প্রকাশ চন্দ্ৰ দাস আৰু প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই আমন্ত্রিত অতিথি হিচাপে অংশ গ্ৰহণ কৰে । বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই বসন্ত বৰাৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ "অভিজ্ঞান" উন্মোচন কৰে।