উজনি অসমলৈ মাছ প্ৰেৰণ নকৰে নগাঁৱৰ ব্যৱসায়ীয়ে...

একাধিক দল, সংগঠনে এই সিদ্ধান্তক জনালে আদৰণি
উজনি অসমলৈ মাছ প্ৰেৰণ নকৰে নগাঁৱৰ ব্যৱসায়ীয়ে...
উজনি অসমলৈ মাছ প্ৰেৰণ নকৰে নগাঁৱৰ ব্যৱসায়ীয়ে...
Published on
Updated on

ডিজিটেল ডেস্কঃ উজনি অসমৰ পৰা মিঞাসকলক আঁতৰিবলৈ দিয়া হেঁচাৰ মাজতে নগাওঁ জিলাৰ মৎস্য ব্যৱসায়ীসকলে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নগাওঁ জিলাৰ মৎস্য ব্যৱসায়ীসকলে এতিয়াৰে পৰা অনিৰ্দিষ্টকাললৈ উজনি অসমলৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁলোকে এতিয়াৰে পৰা কেৱল গুৱাহাটীলৈহে মাছ প্ৰেৰণ কৰিব। উল্লেখ্য যে, শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে এক চেপা উত্তেজনাই বিৰাজ কৰিছে। শিৱসাগৰত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিশোৰীক মাৰোৱাৰী সম্প্ৰদায়ৰ তিনিজন লোকে প্ৰহাৰ কৰাৰ পাছতে শিৱসাগৰত ৩০ দল, সংগঠনে বহিৰাগতৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰি তুলিছিল।

তাৰ মাজতে ধিঙত এগৰাকী কিশোৰীক ৩ যুৱকে দলবদ্ধভাৱে যৌন নিৰ্যাতন চলোৱাৰ পিছতে শিৱসাগৰৰ পৰা মিঞাসকলক ৭ দিনৰ ভিতৰত আঁতৰি যাবলৈ দাবী কৰিছিল। সেই দাবীৰ পাছতেই ৰাজ্যজুৰি ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইফালে মৎস্য ব্যৱসায়ীসকলৰ এই সিদ্ধান্তক উজনি অসমৰ একাধিক দল, সংগঠনে আদৰণি জনাইছে। তেওঁলোকে এই সিদ্ধান্তৰ জৰিয়তে উজনি অসমত থলুৱা যুৱকে মাছ উৎপাদনেৰে চাহিদা পূৰণ কৰাৰ লগতে নিজেই এই ব্যৱসায়ত জড়িত হোৱাৰ বাবে বাট মুকলি হৈছে বুলি মুকলিকৈ প্ৰকাশ কৰিছে।

উজনি অসমলৈ মাছ প্ৰেৰণ নকৰে নগাঁৱৰ ব্যৱসায়ীয়ে...
ঢকুৱাখনাত তিনি কেজি ওজনৰ গঁড়ৰ খৰ্গ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in