বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা
Published on
Updated on

ডিজিটেল ডেস্ক : পুনৰ ৰাজ্যত উৰিল সংযুক্ত মুক্তি বাহিনী,অসম (স্বাধীন)ৰ পতাকা। এইবাৰ কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত বাইহাটা চাৰিআলিত উৰিল সংগঠনটোৰ পতাকা।

৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰত্যক্ষ কৰা পতাকাখনক লৈ কমলপুৰ-বাইহাটাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোনো পতাকাখন উৰুৱালে সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই। সম্প্ৰতি এই ঘটনাকলৈ অঞ্চলটোত চাঞ্চল্য অৱ্যাহত আছে।

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা
ক’ৰচোং শ্যামকলীয়া ৰাসত কেলিগোপাল নাট প্ৰদৰ্শন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in