ডিজিটেল সংবাদ, চিৰাং : চিৰাঙত বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্রস্ত পৰিয়ালক চৰকাৰী বানপানীত সাহাৰ্য্য বিতৰণ নামত ব্যাপক দুৰ্নীতি সংঘটিত অভিযোগ উত্থাপিত হৈছে । বান সাহাৰ্য্যৰ বিতৰণৰ এই দুৰ্নীতি সংঘটিত হৈছে চিৰাং জিলাৰ বেংতল ৰাজহচক্ৰৰ অন্তৰ্গত খয়ৰাবাৰী আৰু মাদাৰপুৰ গাঁৱত ।
বান ক্ষতিগ্রস্ত হিতাধিকাৰীৰ তালিকা খেলিমেলি কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে খয়ৰাবাৰী গাঁৱৰ ভিচিডিচি সদস্য আৰু গাঁওবুঢ়াৰ বিৰুদ্ধে । বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হোৱা প্ৰকৃত হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰি বানপানীয়ে চুই নোপোৱা নিজৰ আত্মীয় স্বজনৰ মাজত ভগাই দিছে বানপানীত সাহাৰ্য্য ধন এই অভিযোগ বঞ্চিত লোক সকলৰ ।
বঞ্চিত লোকৰ অভিযোগ ২০২০ -২০২১ বৰ্ষত নাঙলভাঙা আৰু আই নৈৰ বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্রস্ত পৰিয়াল সকলক পুনঃসস্থাপনৰ বাবে চৰকাৰৰ পৰা প্ৰতিটো পৰিয়ালৰ বাবদ ৯৫ হেজাৰ ১০০ টকা আৰ্থিক ক্ষতিপূৰণ দিছিল । বেংতল ৰাজহচক্ৰৰ অন্তৰ্গত খয়ৰাবাৰী গাঁৱত বানপানী গৰাখহনীয়াত ক্ষতিগ্রস্ত দহটা পৰিয়ালৰ নামত ৯ লাখ ১০০০ টকা আবণ্টিত হৈছিল ।
কিন্তু বেছৰবাৰী-নাঙলভাঙা ভিচিডিচিৰ অন্তৰ্গত খয়ৰাবাৰী গাঁৱৰ সদস্য তথা ইউপিপিএল দলৰ নেতা কোৰাণ আলী আৰু ইউপিপিএল দলৰ মনোনীত গাঁওবুঢ়া নছিমুদ্দিন আলীয়ে ব্যাপক অনিয়মৰ মাজেৰে প্ৰকৃত হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰি ভিচিডিচিৰ সদস্য কোৰাণ আলীয়ে বানপানীয়ে চুই নোপোৱা নিজৰ পৰিয়ালৰ তিনিজন সদস্যৰ লগতে আন সাতজনৰ নাম অন্তভুক্ত কৰি চৰকাৰী বান সাহাৰ্য্যৰ টকা আত্মসাৎ কৰিছে বুলি খয়ৰাবাৰী গাঁৱৰ ৰাইজে অভিযোগ কৰে ।
দুই মাহ আগতে বেংতল ৰাজহচক্ৰৰ কাৰ্যালয়ৰ পৰা বান সাহাৰ্য্যৰ ধন মোকলাই দিয়াৰ পিছত প্ৰকৃতাৰ্থত বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্রস্ত লোক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ পিছত এলেকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এই সন্দৰ্ভত খয়ৰাবাৰী গাঁৱৰ ৰাইজে বেংতল ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত খয়ৰাবাৰীৰ বান ক্ষতিগ্রস্ত হিতাধিকাৰীৰ তালিকা বিচাৰি লিখিত অভিযোগ কৰিছিল । কিন্তু বেংতল ৰাজহচক্ৰৰ চক্ৰ বিষয়াজনে ৰাইজৰ এই অভিযোগক বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল বুলি অভিযোগ কৰে গাঁওবাসীয়ে ।
পৰৱৰ্তী সময়ত RTI মাৰি ভুৱা হিতাধিকাৰীৰ তালিকা উলিয়াই অনাত ৰাইজৰ সন্দেহ সচাঁ প্ৰমাণিত হয় ।ইয়াৰ পিছতেই ৰাইজ ভিচিডিচিৰ সদস্য তথা ইউপিপিএল দলৰ নেতা কোৰাণ আলী আৰু গাঁওবুঢ়া নছিমুদ্দিন আলীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে । খয়ৰাবাৰী গাঁৱত চৰকাৰী বান সাহাৰ্যৰ হিতাধিকাৰী বাচনি কৰাৰ নামত যি দুৰ্নীতি সংঘটিত হৈছে তাৰ উচিত তদন্তৰ দাবী কৰে গাঁওবাসীয়ে ।দুৰ্নীতি মুক্ত বিটিআৰ গঢ়াৰ প্ৰতিশ্ৰুতি দি বিচিটিৰ শাসনভাৰ লাভ কৰা প্ৰমোদ বড়োৰ বিটিআৰত তেখেতৰ দল ইউপিপিএল ৰে একাংশ দুৰ্নীতিগ্ৰস্ত নেতাই এতিয়াই চৰম দুৰ্নীতি সংঘটিত কৰিছে তেনে নেতাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় গাঁওবাসীয়ে ।
বান সাহাৰ্য্য বিতৰণৰ নামত দুৰ্নীতি সংঘটিত এই দুৰ্নীতিগ্ৰস্থ লোক সকলৰ বিৰুদ্ধে তদন্ত ঘোষনা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনায় । উল্লেখ্য যে আই নৈৰ বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্রস্থ মাদাৰপুৰ গাঁৱত ৪৮ টা পৰিয়ালৰ মাজত বান সাহাৰ্য্য বিতৰণ কৰা হৈছে । কিন্তু মাদাৰপুৰতো ৪৮ গৰাকী হিতাধিকাৰীৰ ভিতৰত পঞ্চাশ শতাংশ হিতাধিকাৰীৰ নাম প্ৰকৃত বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্রস্থ নোহোৱা পৰিয়ালৰ নাম সন্নিবিষ্ট হৈছে বুলি অভিযোগ উত্থাপিত হৈছে । কিন্তু এই সন্দৰ্ভত বেংতল ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা বিশেষ কোনো তদন্তৰ ব্যবস্থা গ্ৰহণ নাই বুলি জানিব পৰা গৈছে ।