ডিজিটেল ডেস্ক: নাগ্ৰীজুলি কস্তুৰৱা গান্ধী আবাসিক বালিকা বিদ্যালয়ত খাদ্যত বিষ ক্ৰিয়া হৈ ১৪ গৰাকী ছাত্ৰীৰ লগতে অধীক্ষক তথা ৱাৰ্ডেন অসুস্থ।
পেটৰ বিষ, বমি আৰু শৌচত আক্ৰান্ত আটাইকেইজন। খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হোৱা ছাত্ৰী কেইগৰাকী সহ অধীক্ষক গৰাকীক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
খবৰ পাই তামুলপুৰ জিলাৰ সদৰ মহকুমা বিষয়া ৰামানুজ হাজৰিকা নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
আৰু পঢ়ক: শীঘ্ৰেই বিজেপিত যোগদান কৰিব প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে…