ডিজিটেল সংবাদ, বিশ্বনাথঃ খেলৰ প্ৰতি আগ্ৰহী কৰি নৱ প্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰত ৰখাৰ উদ্দেশ্যে মানকাচাৰৰ ঠাকুৰানবাৰীত ফুটবল টুৰ্ণামেন্টৰ আয়োজন কৰা হৈছে। দেওবাৰে বিয়লি ৩বজাত বিধায়ক আমিনুল ইছলাম অসম সংখ্যালঘূ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ জাবেদ ইছলামৰ উপস্থিতিত টুৰ্ণামেন্টৰ শুভ উদ্ধোধন কৰে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৩২খন গাঁও পঞ্চায়ত ফুটবল দলৰ মাজত অনুষ্ঠিত হ'ব এই টুৰ্ণামেণ্ট। টুৰ্ণামেন্টৰ উদ্ধোধনী খেলখন শালমাৰা আৰু টেপৰপাৰা গাঁও পঞ্চায়ত ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। উদ্ধোধনী খেল খনত ২-১ গ'লৰ ব্যৱধানত শালমাৰা গাঁও পঞ্চায়ত দলে জয় লাভ কৰে।
Also Read: যোৰহাটত কংকাল অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ