পূব- শিলাকুটী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নতুন সমিতি গঠন...

পূব- শিলাকুটী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নতুন সমিতি গঠন...
পূব- শিলাকুটী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নতুন সমিতি গঠন...
Published on
Updated on

ডিজিটেল সংবাদ চৰাইদেউ : সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ অধীনস্থ পূব- শিলাকুটী আঞ্চলিক সমিতিৰ পঞ্চম বাৰ্ষিক সাধাৰণ সভাখনি মথুৰাপুৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে আঞ্চলিক সমিতিৰ সভাপতি জীতেন ৰাজকোঁৱৰে ৷

সম্পাদক বিতুৰাজমণি ফুকনে শ্বহীদ তৰ্পণ কৰা পিচতেই প্ৰতিনিধি আৰু বিষয়বাচনী সভা অনুষ্ঠিত হয় ৷ সভাত সমিতিখনৰ বিগত কাৰ্যকালৰ কৰ্ম খতিয়ান প্ৰতিনিধিৰ আগত দাঙি ধৰা লগতে আগন্তুক বৰ্ষত কৰিবলগীয়া কৰ্ম আঁচনিৰ ওপৰত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে।

সভাই আগন্তুক বৰ্ষৰ বাবে চাহাদ উল্লাক সভাপতি, বিতুৰাজমণি ফুকনক সম্পাদক আৰু জীতেন ৰাজকোঁৱৰ, জৈন কুমাৰ চেতিয়া, ৰমেশ ৰাজকোঁৱৰ জিলা প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰি এখনি শক্তিশালী আঞ্চলিক সমিতি গঠন কৰে ৷

পূব- শিলাকুটী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নতুন সমিতি গঠন...
মজুত আছে পৰ্যাপ্ত আলু, পিঁয়াজঃ দাম বৃদ্ধি নকৰিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in