ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ ৰাজীৱ ভৱনত বুধবাৰে এক প্ৰেছ মেল সম্বোধন কৰি পঞ্চায়তী ৰাজ সংগঠনৰ ৰাজ্যিক সমিতি খন ঘোষনা কৰে নৱ নিযুক্ত পঞ্চায়তী ৰাজ সংগঠনৰ সভাপতি মাধৱ ৰাজবংশীয়ে।সেই মৰ্মে ৰাজ্যিক সমিতি খনৰ সভাপতি মাধৱ চন্দ্ৰ ৰাজবংশী, উপ-সভাপতি অশ্বিনী কুমাৰ দাস আৰু এচ কে আনোৱাৰ হুছেইন। মুখ্য সংগঠক প্ৰানেশ্বৰ কলিতা সহ চাৰি গৰাকী ক্ষেত্ৰ সমন্বকেৰে ৩৮ গৰাকী সদস্যৰে এই সমিতি গঠন কৰা হয়।
কংগ্ৰেছ দলে ২০০৪ চনত পঞ্চায়তী ৰাজ সংগঠনৰ জন্ম দিছিল। সেইসময়ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে কংগ্ৰেছ দলৰ ভিতৰত ইয়াৰ কাম কাজ আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য আছিল পঞ্চায়তৰ কাম কাজ সুকলমে পালন কৰা।
নিখিল ভাৰত কংগ্ৰেছে মাধৱ ৰাজবংশীক ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া পিছত আজি আনুস্থানিক ভাবে ঘোষণা কৰে ৰাজ্যিক সমিতি খন। এই ৰাজ্যিক সমিতিৰ মুল লক্ষ্য হ'ল আগন্তুক পঞ্চায়ত নিৰ্বাচনত গোটেই অসমতে সকলো পঞ্চায়তে নিজ দলৰ দখলত ৰখাৰ লখ্যৰে আগবাঢ়ি যোৱা । ইতিমধ্যে ২০খন জিলাত জিলা সমিতি গঠন কৰা হৈছে ৷বাকী থকা জিলা সমুহতো অচিৰেই জিলা সমিতি সমুহ গঠন কৰা হ'ব বুলি ৰাজ্যিক পঞ্চায়তী ৰাজ সংগঠনৰ সভাপতি মাধৱ ৰাজবংশীয়ে ঘোষণা কৰে।
আৰু পঢ়ক : মাৰানাস্ত্ৰ লৈ ড্ৰাগছৰ ব্যৱসায় : দুই মহিলাসহ তিনিজনক আটক...