ডিজিটেল সংবাদ, ঢকুৱাখনা : মিচিং জনগোষ্ঠীৰ সৰ্বাংগীন উত্তৰণ যাত্ৰাৰ এক উৎসৰ্গিত সংগ্ৰামী সত্তা, মিচিং জাতীয় সংগঠন টাকাম মিচিং মিমে কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ প্ৰাক্তন উপ সভানেত্রী, খেৰকটা আঞ্চলিক সমিতিৰ প্ৰাক্তন সভানেত্ৰী দীপ্তি পেগুৰ মঙ্গলবাৰে নিশা প্ৰায় ১০-৩০ বজাত অকাল মৃত্যু ঘটে।
কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি ঘৰত চিকিৎসাধীন হৈ থকা অত্যন্ত উদ্যমী মহিলা গৰাকীৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ঢকুৱাখনাত শোকৰ বন্যা বোৱাইছে । প্ৰায় ৫০ বছৰীয়া মহিলা নেত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ পাই খেৰকটা অঞ্চলৰ চৰণ চুক মেধিসুঁতি গাঁওত অগণন ৰাইজ উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলিৰে বিদায় জনাই।
ঢকুৱাখনা জিলা টাকাম মিচিং মিমে কৌবাং, ঢকুৱাখনা জিলা টাকাম মিচিং পৰিন কৌবাং, মিচিং মিমাগ কৌবাংৰ নেতৃবৰ্গ, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, কাৰ্যবাহী সদস্য সুনীল পেগু, পুৰুষোত্তম দলে, ঢকুৱাখনা জিলা পৰিষদৰ সদস্য ইন্দ্ৰ চুংক্ৰাং, খেৰকটা আঞ্চলিক টাকাম মিচিং মিমে কৌবাং, টাকাম মিচিং পৰিন কৌবাং আৰু টাকাম মিচিং পৰিন কৌবাংৰ নেতৃবৰ্গই অগ্ৰণী নেত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে ।
মিচিং জাতীয় সংগঠন সমূহে জৰুৰী ভাবে এক শোক সভা আহ্বান কৰি পেগুৰ মৃত্যুৱে এক আপোচবিহীন সংগ্ৰামী সত্তাক চিৰকাললৈ নোহোৱা কৰিলে বুলি মত ব্যক্ত কৰি জাতিয় সংগঠনৰ আঞ্চলিক পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈ আৰু খেৰকটা সমবায় সমিতিৰ নিৰ্বাচিত সঞ্চালক হিচাবে আগবঢ়াই যোৱা বৰেণ্য, নিঃস্বাৰ্থ অৱদানৰ সশ্ৰদ্ধ স্মৰণ কৰে ।
জিলা টি এম এম কেয়ে সংগ্ৰামী নেত্ৰী গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি মৃতকৰ ঘৰত সংগঠনৰ পতাকা অৱনমিত কৰি শোক প্ৰকাশ কৰে । মঙ্গলবাৰে পুৱা নেত্ৰী গৰাকীৰ শেষকৃত্য ৰাজহুৱাভাৱে শোকাকূল পৰিবেশত সম্পন্ন কৰা হয় ।
Also Read: বকোত চৰকাৰী বিষয়াৰ দ্বাৰা অৱহেলিত - অপমানিত সত্ৰাধিকাৰ বাপ