আজি বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই...

দলত্যাগৰ পূৰ্বেও উজাৰিলে ক্ষোভ
আজি বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই...
আজি বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। দীৰ্ঘদিন ধৰি বিজেপি নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি অহা শৰ্মাই ইতিমধ্যে অসম বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ বহু বিস্ফোৰক মন্তব্য কৰিছে। দল ত্যাগৰ পূৰ্বেও তেওঁ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে।

তেওঁ সংবাদ মাধ্যমৰ আগত বিজেপি নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰি কয়, একাংশ নেতাৰ আচৰণ আৰু স্বেচ্ছাচাৰী মনোভাৱৰ বাবেই দল ত্যাগ কৰিছোঁ। তেওঁ অভিযোগ কৰিছে বিজেপিত এতিয়া মূল্যবোধৰ ৰাজনীতি নাই। দলটোৱে কৰি থকা হিন্দু-মুছলমানৰ ৰাজনীতিয়েই দলটোক ক্ষতি কৰিব।

প্ৰাক্তন বিধায়কগৰাকীয়ে পদত্যাগৰ পাছত অহা ৯ আগষ্টত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদানৰ প্ৰস্তুতি চলা বুলিও চৰ্চা অব্যাহত আছে। অশোক শৰ্মাক নলবাৰী সমষ্টিৰ পৰা টিকট বঞ্চিত কৰি জয়ন্ত মল্ল বৰুৱাক টিকট দিয়াৰ পিছৰে পৰাই অশোক শৰ্মাই দলত উপেক্ষিত হৈ অহাৰ অভিযোগ উঠিছিল।

কেৱল তেওঁৱেই নহয়, দলটোত বহু পুৰণি বিজেপি কৰ্মী উপেক্ষিত হৈ অহাৰো অভিযোগ উঠিছে। এনে পৰিস্থিতিতে দল ত্যাগ কৰিবলৈ সাজু হোৱা অশোক শৰ্মাই দল ত্যাগৰ পূৰ্বে বৃহস্পতিবাৰে কামাখ্যা আৰু উগ্ৰতাৰা মন্দিৰতো সেৱা লৈছে।  

প্ৰাক্তন বিধায়কগৰাকীয়ে পদত্যাগৰ পাছত অহা ৯ আগষ্টত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদানৰ প্ৰস্তুতি চলা বুলিও চৰ্চা অব্যাহত আছে। অশোক শৰ্মাক নলবাৰী সমষ্টিৰ পৰা টিকট বঞ্চিত কৰি জয়ন্ত মল্ল বৰুৱাক টিকট দিয়াৰ পিছৰে পৰাই অশোক শৰ্মাই দলত উপেক্ষিত হৈ অহাৰ অভিযোগ উঠিছিল।

কেৱল তেওঁৱেই নহয়, দলটোত বহু পুৰণি বিজেপি কৰ্মী উপেক্ষিত হৈ অহাৰো অভিযোগ উঠিছে। এনে পৰিস্থিতিতে দল ত্যাগ কৰিবলৈ সাজু হোৱা অশোক শৰ্মাই দল ত্যাগৰ পূৰ্বে বৃহস্পতিবাৰে কামাখ্যা আৰু উগ্ৰতাৰা মন্দিৰতো সেৱা লৈছে।  

আজি বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই...
দৰিদ্ৰ ৰোগীৰ শেষ ভৰসা GMCH ত বৃদ্ধি হ'ল মাচুলঃ চৰকাৰৰ সিদ্ধান্তত দিশহাৰা জনতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in