ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন প্ৰধান শিক্ষক

চামাগুৰি উচ্চতম মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন প্ৰধান শিক্ষক

ডিজিটেল ডেস্ক : চৰকাৰী বিদ্যালয় বন্ধ কৰা সন্দৰ্ভত সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ সূত্ৰপাত হোৱা সময়তে এইবাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হ'ল নগাওঁৰ চামাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক । তথ্য অনুসৰি, বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে অহা এই ধন আত্মসাৎ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব লগীয়া হয় শিক্ষক গৰাকী ।

গোপাল চন্দ্ৰ বৰা নামৰ এই শিক্ষকগৰাকীয়ে বিদ্যালয় পূজিঁলৈ অহা ৪ লাখ ৬৪ হাজাৰ টকা প্ৰধান শিক্ষক থকা অৱস্থাতে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

এই সন্দৰ্ভত, আৰক্ষীয়ে ভাৰতীয় পিনেল ক'ডৰ ৪০৯ নং ধাৰাৰ অধীনত বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক প্ৰণৱ জ্যোতি গোস্বামীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে গোপাল চন্দ্ৰ বৰাক ।

assam Assam police NOGAON assam education dept