ডিজিটেল সংবাদ, গুৱাহাটী: অসমৰ সমূহ অনুসূচিত জনজাতিৰ সাংস্কৃতিক জীৱন আৰু সাংস্কৃতিক সমলসমূহৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু সুৰক্ষাৰ বাবে গঠিত "অসম জনজাতি সাংস্কৃতিক মহাসভা" ই সফলতাৰে এটা বছৰ সম্পূৰ্ণ কৰিছে। ইয়াৰ উপলক্ষে অহা ১৬ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত পুৱা ১০ বজাত মহাসভাৰ প্ৰথম "প্ৰতিষ্ঠা দিৱস" আৰু একে দিনাই মহাসভাৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰিছে। এই কথা মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী আৰু মুখ্য সম্পাদক সূৰুয কুমাৰ পাতিৰি এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে।
উক্ত প্ৰতিষ্ঠা দিৱস আৰু প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত অসমৰ বিভিন্ন অঞ্চলৰ নিজ-নিজ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া আৰু সদস্যসকলে অংশগ্ৰহণ কৰিব। মহাসভাৰ প্ৰতিগৰাকী সদস্য/সদস্যাক যথা সময়ত উপস্থিত থাকিবলৈ সভাপতি/মুখ্য সম্পাদকে আহ্বান জনাইছে।
Also Read: আজি কাব্যঋষিৰ ৯২ সংখ্যক জন্মতিথি