জাতীয় সংগঠন মিচিং মিমাগ কৌবাংৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

প্ৰাণাহুতি দিয়া পুণ্যত্মাৰ সশ্ৰদ্ধ স্মৰণেৰে ছহিদ তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে জিলা সম্পাদক গণেশ দলেয়ে

author-image
Asomiya Pratidin
New Update
জাতীয় সংগঠন মিচিং মিমাগ কৌবাংৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ, ঢকুৱাখনা : ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় ৰাইজৰ সৰ্বাংগীন উন্নয়ন বিকাশ সাধনেৰে এখন প্ৰগতিশীল সমাজ গঢ়াৰ লক্ষ্যৰে ১৯৯৩ চনৰ ২৮ মাৰ্চত  জোনাইত গঠন হৈছিল মিচিং মিমাগ কৌবাং। ৰাজ্যৰ দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনজাতি হিচাবে পৰিগণিত মিচিং জনগোষ্ঠীটোৰ নাৰ্য সাংবিধানিক অধিকাৰ প্ৰাপ্তিৰ হ'কে নিৰবিছিন্ন গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখি অহা এই জাতীয় সংগঠনটোৱে মঙ্গলবাৰে সংগ্ৰামী যাত্ৰাপথত ৩০টা বৰ্ষত পদাৰ্পণ কৰে ।

এই সুদীর্ঘ  তিনি দশক জোৰা পৰিক্ৰমা অতিক্ৰমাত জাতীয় সংগঠনটোৰ আজিৰ বৰ্ণিল ক্ষণ স্বৰূপ প্ৰতিষ্ঠা দিৱসতো ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাবে উদযাপন কৰা হয়। জিলা কৌবাংৰ উদ্যোগত ডাংধৰা আঞ্চলিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰি মঙ্গলবাৰে পতাকা উত্তোলন কৰে জিলা উপ সভাপতি সুনীল মেদকে ।

ইয়াৰ পাছতে এই ৩০ বছৰীয়া সংগ্ৰামী যাত্ৰা আৰু স্বজাতিৰ প্ৰাপ্য আজুৰি অনা সংগ্ৰামৰ অংশীদাৰ হৈ প্ৰাণাহুতি দিয়া পুণ্যত্মাৰ সশ্ৰদ্ধ স্মৰণেৰে ছহিদ তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে জিলা সম্পাদক গণেশ দলেয়ে । মিচিং জনগোষ্ঠীৰ ২শতাধিক ৰাইজ আৰু সংগঠনৰ নেতৃবৰ্গৰ উপস্থিতিত দুপৰীয়া  টাকাম মিচিং মিমে কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা সৰলা পেগু দলেৰ সঞ্চালনাত অনুষ্ঠিত হয় উদ্যান শস্য আৰু ৰেচম শিল্পৰ ওপৰত এখন মনোজ্ঞ কৰ্মশালা।

ঢকুৱাখনা ৰেচম বিভাগৰ পৰিদর্শক প্ৰসন্ন পাত্ৰই সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি  বিজ্ঞানসন্মতভাবে কিদৰে এই খেতি কৰি প্ৰচুৰ পৰিমাণে লাভান্বিত হ'ব পাৰি আৰু স্বনিয়োজনৰ সেন্দুৰীয়া পথেৰে অগ্ৰসৰ হ'ব পাৰি তাক সুন্দৰভাবে বিশ্লেষণ কৰি উপস্থিত কৰ্মীসকলক উপকৃত কৰে।

জিলা সম্পাদক গণেশ দলেয়ে আঁত ধৰা কাৰ্যসূচীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২০ নং অৱনৰি পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য  ইন্দিৰা চিন্তে উপস্থিত থাকি বক্তব্য ৰাখে। সভাতএম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য নাথুৰাম পেগু ,শৰৎ টাইড , মলেশ দলে ,গজেন দলে , টি এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ সম্পাদিকা নিশা পাতিৰ, খেৰকটা দাংধৰা পৰিষদিয় সমষ্টিৰ সাধাৰণ সদস্যা বিউটি পেগু , সমাজকৰ্মী নৰ নাথ চণ্ডী আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি প্ৰতিষ্ঠা দিৱসৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Also Read: পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু বিহপুৰীয়াৰ যুৱকৰ

foundation day