পৰিবহণ বিভাগৰ উদ্যোগঃ ১ আগষ্টৰ পৰা যান-বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ...

পৰিবহণ বিভাগৰ উদ্যোগঃ ১ আগষ্টৰ পৰা যান-বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশৰ আগন্তুক ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ বিশেষ পৰিকল্পনা আৰু তত্ত্বাৱধানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ একাংশ আগৰণুৱা ব্যক্তিক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

তদুপলক্ষে আগন্তুক ১ আগষ্টৰ পৰা সামৰিক, অর্ধসামৰিক, আৰক্ষী, সাংবাদিক, গৃহৰক্ষী বাহিনীৰ জোৱান আৰু মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যক হোণ্ডা ছেফ্টী ড্রাইভিং ট্রেইনিং এডুকেচন চেণ্টাৰৰ সহযোগত যান-বাহন চালনাৰ বিনামূলীয়া প্রশিক্ষণ প্রদান কৰা হ'ব। প্ৰশিক্ষণৰ অন্তত যান-বাহন চালনাৰ বাবে অত্যাৱশ্যকীয় অনুজ্ঞাপত্র এখন নিজে কেনেকৈ তাৎক্ষণিকভাৱে উলিয়াই ল'ব পাৰি সেই সন্দৰ্ভতো প্রশিক্ষার্থীসকলক সম্যক জ্ঞান প্ৰদান কৰা হ'ব।

পহিলা আগষ্টত আৰম্ভ হৈ গোটেই মাহটোৰ বাবে চলিবলগীয়া বাহন চালনাৰ বিনামূলীয়া প্রশিক্ষণত অংশগ্ৰহণৰ বাবে ইচ্ছুক ব্যক্তিসকলক প্রতিদিনে পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত পৰিবহণ বিভাগৰ বেতকুছিস্থিত কার্যালয় চৌহদত অৱস্থিত হোন্ডা ছেফ্টী ড্রাইভিং এডুকেচন চেণ্টাৰত উপস্থিত হ' বলৈ আহ্বান জনোৱা হৈছে।

পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে ইচ্ছুক ব্যক্তিসকলক বাহন চালনাৰ বিশেষ প্রশিক্ষণ সন্দর্ভত ৯৪০১৫-৯৬৩৮৭ আৰু ৭৮৯৬৮-৫০০৪৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

পৰিবহণ বিভাগৰ উদ্যোগঃ ১ আগষ্টৰ পৰা যান-বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ...
মছজিদ নিৰ্মাণৰ বাবে আবন্টিত অযোধ্যাৰ ভূমি নিজৰ বুলি দাবী কৰিছে এগৰাকী মহিলাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in