গুলুং পাঠৰীত ৰটাৰী ক্লাৱৰ বিনামূলীয়া স্বাস্থ্য আৰু চকুৰ চিকিৎসা শিবিৰ

গুলুং পাঠৰীত ৰটাৰী ক্লাৱৰ বিনামূলীয়া স্বাস্থ্য আৰু চকুৰ চিকিৎসা শিবিৰ

author-image
Asomiya Pratidin
New Update
গুলুং পাঠৰীত ৰটাৰী ক্লাৱৰ বিনামূলীয়া স্বাস্থ্য আৰু চকুৰ চিকিৎসা শিবিৰ

ডিজিটেল সংবাদ,কাজিৰঙা : গোলাঘাটৰ ৰটাৰী ক্লাবৰ উদ্যোগত বুধবাৰে বোকাখাতৰ গুলুং পাঠৰী মুৰুং ঘৰত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলেৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰটোত অঞ্চলটোৰ ২১৫ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷

শিবিৰত চিকিৎসক ডা° মনীষ দত্ত, ডা° বিদিশা, ডাঃ ছাকিল আহমেদৰ লগতে ৬ গৰাকী নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে শিবিৰত ৰোগীক চিকিৎসা-ঔষধ প্ৰদান কৰে। উল্লেখ্য যে ২০১৬ চনত স্থাপিত হোৱা গোলাঘাটৰ ৰটাৰী ক্লাবে ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক সজাগতা, ৰোগীৰ বাবে স্বাস্থ্য শিবিৰ, নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী হোৱাৰ কৰ্মশালাকে ধৰি বহু জনকল্যাণমূলক কাম-কাজ কৰি আহিছে।

ৰটাৰী ক্লাৱৰ সভাপতি মিনৱাৰা বেগম, ৰটাৰী ক্লাৱৰ বুলি গগৈ, চিকিৎসক সাবিদুৰ ৰহমান, উপেন গগৈ, কুমুদ শইকীয়া, ৰমেশ গুপ্তা আৰু স্থানীয় সমাজকৰ্মী তুলাৰাম মেদক, দিলীপ মৰাং, জীৱন দলে, অতুল দলে, শিক্ষক ৰিজু বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক লোবিৰাম মৰাং, নবীন দলেৰ উপস্থিতিত আজি স্বাস্থ্য পৰীক্ষাত চকুত ছানি পৰা ৰোগত আক্ৰান্ত ১১ গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ ৰটাৰী ক্লাৱে দায়িত্ব গ্ৰহণ কৰে ৷

Also Read: শিৱ সম্ভু পেপাৰ এজেন্সিৰ স্বত্বাধিকাৰী ৰাতুল চন্দ্ৰ ডেকাৰ বিয়োগ

kaziranga health