গহপুৰৰ গলচেপা সূৰ্য্য মন্দিৰ প্ৰাংগণত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

অসম প্ৰদেশ মহিলা মৰ্চাৰ পদক্ষেপ..
গহপুৰৰ গলচেপা সূৰ্য্য মন্দিৰ প্ৰাংগণত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
গহপুৰৰ গলচেপা সূৰ্য্য মন্দিৰ প্ৰাংগণত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ ছয়দুৱাৰ: ভাৰতীয় জনতা পার্টিৰ অসম প্রদেশ মহিলা মৰ্চাৰ উদ্যোগত আৰু বিশ্বনাথ জিলা মহিলা মৰ্চা তথা গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ সহযোগত আজি গহপুৰ মহকুমাৰ ৰাঙলীয়াল গাঁও পঞ্চায়তৰ অন্তৰ্গত গলচেপা সূৰ্য মন্দিৰ প্ৰাংগণত দিনযোৰা কাৰ্য্যসূচীৰে এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। বিজেপিৰ ছয়দুৱাৰ মণ্ডলৰ অন্তৰ্গত সূৰ্য্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰটোত গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ ৫ জনীয়া এটি চিকিৎসকৰ দলে অঞ্চলটোৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত চিকিৎসা সেৱা আগবঢ়ায়।

শেহতীয়া বানে ক্ষতি কৰা অঞ্চলটোত বিভিন্ন ধৰণৰ বেমাৰ-আজাৰে দেখা দিয়াত সাধাৰণ জনতাক সকাহ দিয়াৰ বাবে অসম প্রদেশ মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰটোত চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰা হয়। উল্লেখযোগ্য যে এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্রী স্বপ্না বনিয়াৰ লগতে জিলা তথা মণ্ডল মহিলা মৰ্চাৰ বিষয়ববীয়া আৰু সদস্যাসকল উপস্থিত থাকে।

ছয়দুৱাৰ মণ্ডল বিজেপিৰ সভাপতি নিৰণ হাজৰিকাই সহযোগিতা আগবঢ়োৱা উক্ত শিবিৰটোৰ জৰিয়তে ভিতৰুৱা অঞ্চলটোৰ প্রায় ১২০ গৰাকী পুৰুষ-মহিলা উপকৃত হোৱা বুলি জানিবলৈ দিছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ সংবাদ বিভাগৰ আহ্বায়িকা ৰাণিমা বৰঠাকুৰে। বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ এই পদক্ষেপক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে।

গহপুৰৰ গলচেপা সূৰ্য্য মন্দিৰ প্ৰাংগণত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
তিতাবৰত জাপানীজ এনকেফেলাইটিছত কিশোৰীৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in