ডিজিটেল ডেস্ক: পুনৰ বিতৰ্কত অসমীয়া গামোচা। যি সময়ত গামোচাক মৰ্যদা প্ৰদানৰ অৰ্থে তথা শিপিনিক উচিত মূল্য দিয়াৰ উদ্দেশেৰে ৰাজ্য চৰকাৰৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আনিছে সেই সময়তে পুনৰ বিতৰ্কত আহি পৰিছে গামোচা। পিছে এইবাৰ পাৱাৰলুমৰ গামোচা বিক্ৰী বা বহিৰাজ্যৰ গামোচাৰ বাবে নহয়, অসমীয়াৰ আৱেগৰ গামোচাখনিক কৰা অপমানৰ বাবে হৈছে বিতৰ্ক।
"মালিগাওঁ বাংলা সাহিত্য সভা"ই শেহতীয়াকৈ অনুষ্ঠিত কৰা এক সভাত বিকৃত ৰূপত পৰিৱেশন কৰিলে অসমীয়া গামোচাক। অসমীয়া গামোচা আৰু বঙালী গামোচাক একলগ কৰি উক্ত অনুষ্ঠানটোৱে সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰি উপস্থিত থকা অতিথিক পৰিধান কৰিলে এই গামোচা।
যাৰ বাবে এতিয়া সৰ্বতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু। অনুষ্ঠানটিত শিক্ষা মন্ত্ৰী গৰাকীৰ ডিঙিটো দেখা গৈছিল বিকৃত গামোচা। যাৰ বাবে মন্ত্ৰী গৰাকীয়ে তীব্ৰ বাক্যবানৰ সন্মুখীন হৈছে।
আনহাতে মন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত ইতিমধ্যই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মন্ত্ৰী গৰাকীৰ মতে, তেওঁলোকৰ উদ্দেশ্য অসৎ নাছিল। পিছে মন্ত্ৰী গৰাকীৰ এনে মন্তব্যত মুঠেই সুখী নহয় সচেতন মহল। গামোচাক কৰা অপমানক কোনো অসমীয়াই যেন মানি ল'ব নোৱাৰে।
ইটোৰ পিছত সিটো বিতৰ্কই যেন লগ এৰা নাই অসমীয়াৰ গামোচাক। অসমীয়াৰ মান-মৰ্যদালৈ ভাবুকি কঢ়িয়াই অনা এনে অপমান নিশ্চয় গ্ৰহনযোগ্য নহয়। গামোচাক বিকৃত ৰূপত উপস্থাপন কৰাটোয়ে গামোচাৰ মান-মৰ্যদাক সানি কৰাই নহয়, জাতিটোৰ স্বাভিমান তথা সংস্কৃতিটো আঘাত সানিছে।
Also Read: অসমীয়াৰ পদূলিত হেঁপাহৰ ৰঙালী..