ডিজিটেল ডেস্ক : আজি ২ অক্টোবৰ। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ২০০৭ চনৰ ১৫ জুন তাৰিখে ২ অক্টোবৰ দিনটোক আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে ঘোষণা কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত তেখেতক স্মৰণ কৰি কয় যে - "মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এইবাৰ গান্ধী জয়ন্তী আৰু অধিক বিশেষ কাৰণ ভাৰতে ৭৫ বছৰ অতিক্ৰম কৰি আজাদী কা অমৃত মহোৎসৱ পালন কৰিছে।"
Paying homage to Mahatma Gandhi on #GandhiJayanti. This Gandhi Jayanti is even more special because India is marking Azadi Ka Amrit Mahotsav. May be always live up to Bapu’s ideals. I also urge you all to purchase Khadi and handicrafts products as a tribute to Gandhi Ji. pic.twitter.com/5icVnnRwwd
— Narendra Modi (@narendramodi) October 2, 2022
লগতে তেঁও টুইটত উল্লেখ কৰে যে "বাপুৰ আদৰ্শৰ সৈতে আমি সদায় জীয়াই থাকিব লাগিব। মই আপোনালোক সকলোকে গান্ধীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে খাদী আৰু হস্তশিল্পৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছো।"
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বহুজনে আজিৰ এই গান্ধী জয়ন্তীত জাতিৰ পিতা গৰাকীক স্মৰণ কৰিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে।