বাৰেগাঁৱত গণেশ চতুৰ্থীৰ আয়োজন

বাৰেগাঁৱত গণেশ চতুৰ্থীৰ আয়োজন
Published on
Updated on

ডিজিটেল ডেস্ক : কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত বাৰেগাঁও(মাৰু)ত এদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে। অহা ৭ ছেপ্তেম্বৰ শনিবাৰে ত্ৰিমূৰ্তি গণেশ আৱিৰ্ভাৱ ক্ষেত্ৰত আয়োজন কৰা হ’ব পূজাভাগ।

উদ্যোক্তাই জনোৱা অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ পাছতে পূজা আৰম্ভ কৰিব। দুপৰীয়া আয়তীৰ নাম, পূৰ্ণহুতি আৰু প্ৰসাদ বিতৰণ তথা ভোগ বিতৰণ কৰা হ’ব।

কাৰ্যসূচী অনুসৰি বিয়লি বন্তি প্ৰজ্বলন আৰু সন্ধিয়া আমন্ত্ৰিত পাঠকৰদ্বাৰা নাগাৰা নাম পৰিবেশ কৰা হ’ব। নাগাৰা নাম পৰিবেশন কৰিব ৰাজীৱ ডেকাই।

এই আটাইকেইটা কাৰ্যসূচীতে উদ্যোক্তাসকলে ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

বাৰেগাঁৱত গণেশ চতুৰ্থীৰ আয়োজন
ডিব্ৰুগড়ত স্থাপন দ্বিতীয়টো সচিবালয়ঃ সামৰি ল'ব উজনিৰ ৯ খন জিলাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in