ডিজিটেল সংবাদ,মথুৰাপুৰঃ আজি গণেশ চতুৰ্থী।সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰিছে পৱিত্ৰ গনেশ চতুৰ্থী। ইয়াৰ সমান্তৰালভাৱে চৰাইদেউ জিলাৰ মথুৰাপুৰ বিভিন্ন স্থানত পালিত হৈছে গনেশ চতুৰ্থী ৷ এই উপলক্ষে অঞ্চলটোৰ গনেশ মন্দিৰ লগতে পূজা মণ্ডপ সমূহত উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে ৷
ইফালে প্ৰতি বছৰৰ দৰে এইবাৰো মথুৰাপুৰ চাহ বাগিচাৰ স্থায়ী পূজা মণ্ডপত স্থানীয় যুৱ সমাজৰ উদ্যোগত পৰম্পৰাগত ভাৱে আজিৰে পৰা তিনিদিনীয়াকৈ উদযাপন কৰা হৈছে এই পূজা ৷ পুৱা পূজা মণ্ডপত ভক্তৰ উপস্থিতি ধৰ্মীয় ৰীতি-নীতি মাজৰে পালিত হৈ সিদ্ধিদাতা গণেশৰ পূজা-অৰ্চনা ৷ ভক্তসকলে ধূপ চাকি নৈবদ্য আগবঢ়াই সকলোৱে মঙ্গল প্ৰাৰ্থনা জনাই, অপায় অমংগল আঁতৰ কৰি মনোবাঞ্চা সিদ্ধিৰ বাবে শ্ৰীগণেশৰ আশিস বিচাৰি পূজা অৰ্চনা কৰা দেখা গৈছে ৷
Also Read: কাছাৰৰ ধলাইত বনধ্বংসঃমূল্যবান চেগুন গছ কাটি তহিলং...