ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সভাগৃহত বৃহস্পতিবাৰে আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱস উপলক্ষে বানপানী সুৰক্ষা সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷
গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত সজাগতা সভাখন সঞ্চালনা আৰু উদ্দেশ্য ব্যাখ্যা কৰে চক্ৰ বিষয়া অৰূপ বিৰকমীয়াই ৷ সভাত কামৰূপ জিলা দুৰ্যোগ প্ৰশমন বিষয়া ৰাজীৱ দত্ত চৌধুৰীয়ে আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱসৰ লগত সংগতি ৰাখি বানপানী, ভূমিকম্প, বজ্ৰপাত আদি বিভিন্ন দুৰ্যোগৰ সময়ত নিজৰ লগতে আনকো কিদৰে উদ্ধাৰ-সহযোগ কৰিব পাৰি, সেই সন্দৰ্ভত বিতংকৈ আলোচনা আগবঢ়ায় ৷
গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়াই বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তথা ল'বলগীয়া সাৱধানতাৰ বিষয়ে ৰাইজক বিতংকভাৱে বুজাই দিয়ে ৷ আনহাতে গৰৈমাৰী আৰক্ষী চকীৰ এ এছ আই ৰতন কলিতাই পথ সুৰক্ষা সন্দৰ্ভত আলোচনা কৰি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰে ৷
সভাত গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনস্থ গাঁওপ্ৰধান, পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে ভালেসংখ্যক ৰাইজ উপস্থিত থাকে ৷ ইপিনে সভাত গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ ক্ষেত্ৰ বিষয়া জিয়াউৰ ৰহমানে শলাগৰ শৰাই আগবঢ়ায় ৷
আনহাতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয় প্ৰাংগণত মিৰ্জাৰ নেপচুন শিল্পী গোষ্ঠীৰ দ্বাৰা বানপানী আৰু বজ্ৰপাত বিষয়ক এখনি বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হয় ৷