মথুৰাপুৰত গেছ পৰিবাহী পাইপ ফুটি গেছ নিৰ্গত

মথুৰাপুৰত গেছ পৰিবাহী পাইপ ফুটি গেছ নিৰ্গত
Published on
Updated on

ডিজিটেল সংবাদ,মথুৰাপুৰ : চৰাইদেউ জিলাৰ মথুৰাপুৰত শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় অঘটন। বিদ্যুৎ বিভাগৰ লোকে বিদ্যুৎ পৰিবহন কৰিবলৈ এখন বাহনেৰে গাত খান্দি থকাৰ অৱস্থাত গেছ পৰিবাহী পাইপ এডাল ফুটি গেছ নিৰ্গত হোৱাত স্থানীয় ৰাইজৰ মাজত হুৱা-দুৱা লাগে।

স্থানীয় সচেতন ৰাইজ আৰু মথুৰাপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ বিশেষ তৎপৰতা অৱলম্বন কৰা বাবে এক ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে মথুৰাপুৰ অঞ্চল। গেছ পৰিবাহী পাইপ ফুটি গেছ নিৰ্গত হোৱা আজিৰ এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ বাবে স্থানীয় ৰাইজ বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।

মথুৰাপুৰত গেছ পৰিবাহী পাইপ ফুটি গেছ নিৰ্গত
এইডছ ! দেশৰ ভিতৰতে শীৰ্ষত উত্তৰ-পূব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in