ডিজিটেল সংবাদ,বিশ্বনাথঃ আজি বিশ্বনাথ জিলাত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। বিহালী সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰা পিছত আজি সাংসদ গৌৰৱ গগৈয়ে জয়ন্ত বৰাক কাষত বহুৱাই বিশ্বনাথত এখন সভাৰ আয়োজন কৰে। সভাত দলীয় কৰ্মী সকল উপস্থিত থাকে।
জিলা কংগ্ৰেছ কাৰ্যালয়ত দলৰ প্ৰাৰ্থী জয়ন্ত বৰাক পুনৰ দলীয় গামোচা পিন্ধাই জিলা কংগ্ৰেছত আদৰণী জনাই জিলা সভাপতি দিলীপ বৰুৱাই। সভাত উপস্থিত কৰ্মী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে জয়ন্ত বৰাই। তেওঁ কয় যে, বিজেপি দলে আশা দি প্ৰতাৰণা কৰাৰ বাবে মই মোৰ মাতৃক হেৰোৱালো।
সভাত উপস্থিত সাংসদ গগৈয়ে কয়, চামগুৰীৰ দৰে বিহালীতো এইবাৰ বিজেপিৰ গুণ্ডাবাহিনীৰ অবসান ঘটিব। ইয়াৰোপৰি কংগ্ৰেছে নগাঁৱৰ সমদলৰ বাবে পূৰ্বে জিলা আৰক্ষী প্ৰশাসনৰ অনুমতি লোৱাৰ পিছত পুনৰ সেই একে দিনে একে পথৰে দুটাকৈ ৰাজনৈতিক দলক সমদল উলিয়াবলৈ কিয় অনুমতি প্ৰদান কৰিলে বুলি সভাৰ জৰিয়তে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু প্ৰশাসনক উদ্দেশ্যি প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে। লগতে তেওঁ কয় যে, বিহালী সমষ্টিত কংগ্ৰেছে বহু দিনৰ পিছত নিজৰ প্ৰতীক চিহ্ন উভতাই পাইছে।
Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰত অৰাজকতা