ডিজিটেল ডেস্ক: অসমৰ ৰাইজৰ বাবে মৰণফাণ্দস্বৰূপ গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱসায়ীক উৎপাদন চলিত মাহৰ পৰাই আৰম্ভ হ'ব বুলি চৰকাৰে ঘোষণা কৰিছিল।কিন্তু চৰকাৰী এই ঘোষণাক মিছা আৰু ৰাইজৰ এই আশংকাক সত্য প্ৰমাণিত কৰি প্ৰতিবাৰ বাৰিষা কালত ইয়াত সংঘটিত হৈছে বিভিন্ন অঘটন।
কেতিয়াবা যদি টানেল খহিছে, আন কেতিয়াবা সোৱণশিৰিৰ ঢলে উটুৱাই নিছে প্ৰকল্পটোৰ গাৰ্ড ৱাল অথবা অন্যান্য অংশ।যোৱা তিনিটা মাহত প্ৰকল্পৰ থলীত বান বা ভূমিস্খলনৰ কেইবাটাও অঘটন সংঘটিত হৈছে।আজি দুপৰীয়াও প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যত জড়িত হৈ থকা এজন বিদ্যুৎ শ্ৰমিকে শোকাৱহ ভাৱে প্ৰাণ দিব লগীয়া হয়।
কাম কৰি থকা অৱস্তাতে ছৰ্ট চাৰ্কিতৰ ফলত গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত প্ৰাণ দিবলগীয়া হোৱা শ্ৰমিকজন হ'ল গোগামুখ মহৰী কেম্পৰ ৰাজেন শইকীয়া। প্ৰকল্পটোৰ মূল বান্ধৰ ভিতৰত নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে বিদ্যুত পৰিবাহী কেবলত হোৱা ছৰ্ট চাৰ্কিতৰ ফলতে তেওঁৰ মৃত্যু হয়।
স্মৰ্তব্য যে, যোৱা ৬ জুন তাৰিখেও ইনটেক টানেলৰ ছাদ খহি হেচা মাৰি ধৰাৰ ফলত আন এজন শ্ৰমিকৰ মৃত্যু হৈছিল।তেঁও আছিল পাৰ্বতিপুৰৰ জিতু হাতীবৰুৱা। এই ঘটনাত আন এজন শ্ৰমিকো গুৰুতৰ ভাৱে আহত হৈ পংগু হয়। আজিৰ ঘটনাটোক লৈ চলিত বছৰতে গেৰুকামুখ প্ৰকল্পত এনে ধৰনৰ বিভিন্ন দুৰ্ঘটনাত পতিত হৈ ৯ জন শ্ৰমিকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে যদিও প্ৰকল্পটোৰ কতৃপক্ষই কোনো এটা ঘটনাৰে তদন্তৰ ব্যৱস্থা কৰা নাই।
ৰাজ্য চৰকাৰো এই ক্ষেত্ৰত নীৰৱ হৈ থকাৰ বাবেই এন এইচ পি চি য়ে ইয়াৰ সুযোগ বাৰুকৈএ লৈছে যদিও ৰাইজৰ মাজত ইয়াকে লৈ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আৰু পঢ়ক : জ্যোতি চিত্ৰবনত ১০ কোটি টকা ব্যয়বহুল অডিঅ'- ভিজুৱেল হাব উদ্বোধন মুখ্যমন্ত্ৰীৰ…