ডিজিটেল সংবাদ,ঢকুৱাখনা: এক কৰুণ ঘটনাই ঘিলামৰাত ম্লান কৰিলে দুৰ্গা পূজাৰ বিজয়া দশমীৰ মাদকতা । বাৰীৰ এজোপা প্ৰকাণ্ড গছ কাটিবলৈ গৈ এজন বয়স্ক ব্যক্তিয়ে সন্মুখীন হব লগা হল মৰ্মান্তিক পৰিণতিৰ । ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মইনাপৰা গাঁওত সংঘটিত হল এই কৰুণ ঘটনা।
গাঁওখনৰ ভবেশ গগৈ আৰু পুত্ৰ জ্ঞান জ্যোতি গগৈয়ে বিজয়া দশমীৰ দিনা নিজা বাৰীত থকা এজোপা গছ কাটি আছিল। এনেতে গছজোপা বাগৰি পৰি বয়স্ক ব্যক্তি ভবেশ গগৈৰ লগতে পুত্ৰ জ্ঞান জ্যোতি গগৈক হেঁচা মাৰি ধৰে। এগৰাকী প্ৰত্যক্ষদৰ্শী সমীপৰ মহিলাই ঘটনাৰ আকস্মিকতাত স্তম্ভিত হৈ উদ্ধাৰৰ চেষ্টা চলায়।
কিছু সময়ৰ পাছত গছৰ ডাল কাটি মুমূৰ্ষু অৱস্থাত দুয়োকে উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত দুয়োকে ঘিলামৰা সামূহিক চিকিৎসালয়লৈ নিয়া হয় । কিন্তু দুৰ্ভাগ্যজনক ভাবে পিতৃ ভবেশ গগৈযে শেষ নিশ্বাস ত্যাগ কৰে । লগতে পুত্ৰ জ্ঞান জ্যোতি গগৈ গুৰুতৰ ভাবে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।
অসম আৰক্ষীৰ উপ পৰিদৰ্শক হিচাবে কৰ্মৰত পুত্ৰ ঘৰলৈ অহাত পিতা পুত্ৰ দুয়ো উক্ত গছজোপা ঘৰুৱা কামত ব্যৱহাৰৰ বাবে কাটিছিল । এনে অৱস্থাতে সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা ।