বাসুগাঁৱত ১৭ বছৰীয়া কিশোৰী সন্ধানহীন

বাসুগাঁৱত ১৭ বছৰীয়া কিশোৰী সন্ধানহীন
Published on
Updated on

ডিজিটেল সংবাদ,চিৰাংঃ চিৰাং জিলাৰ বাসুগাঁৱৰ অন্তৰ্গত থুৰিবাৰী গাঁৱৰ পৰা ১৯ মে'ত এগৰাকী ১৭ বছৰীয়া কিশোৰী নিৰুদ্দেশ হয়। জানিব পৰা মতে থুৰিবাৰীৰ বাসিন্দা প্ৰয়াত জয়নাল আলীৰ কন্যা ৰছিদা খাতুনে মাকৰ সৈতে কাজিয়া কৰি মাকৰ অলক্ষিতেই ঘৰৰ পৰা ওলাই গৈছিল।

পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ সন্ধানত আত্মীয় স্বজনৰ ঘৰৰ উপৰি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহয়। কিশোৰী গৰাকী নিৰুদ্দেশ হোৱাৰ সময়ত কলা ৰঙৰ লং ফ্ৰক পিন্ধি ঘৰৰ পৰা ওলাই যোৱা ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰিছিল।

পৰৱৰ্তি সময়ত পৰিয়ালৰ লোকে ২০ মে'ত বাসুগাঁও আৰক্ষী থানাত এখনি নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ ৰুজু কৰে। কোনো ব্যক্তিয়ে যদি কিশোৰী গৰাকীৰ সন্ধান লাভ কৰে তেন্তে ৮০১১২০০১১৭ মোবাইল নম্বৰত অথবা নিকটৱৰ্তী আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

বাসুগাঁৱত ১৭ বছৰীয়া কিশোৰী সন্ধানহীন
গহপুৰত মাটিৰ খাজনা লোৱাৰ নিৰ্দেশনা নাই ওপৰৱালা বিষয়াৰঃ সমস্যাত গহপুৰ মহকুমাৰ ৰাইজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in