অল-কায়দাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ মুফটি…

অল-কায়দাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ মুফটি…

author-image
asomiyapratidin
New Update
অল-কায়দাৰ সৈতে জড়িত থকাৰ অভিযোগত  গ্ৰেপ্তাৰ মুফটি…

ডিজিটেল সংবাদ গোৱালপাৰা: গোৱালপাৰাত অব্যাহত আছে জেহাদী উৎখাত অভিযান।শুক্ৰবাৰে পুনৰ বঙাইগাঁও জিলাৰ পৰা আন এগৰাকী মুফটিক গোৱালপাৰা আৰক্ষীৰ স্পেচিয়েল ট্ৰাকচ ফ'ৰ্চে গ্ৰেপ্তাৰ কৰিছে।অল কায়দা আৰু এ বি টিৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিযুক্ত জেহাদীগৰাকীৰ নাম হ'ল মুফটি হাফিজুৰ ৰহমান।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে একেখন জিলাৰ যোগীঘোপা-বালাপাৰাৰ পৰা আব্দুছ চৌহান নামৰ এগৰাকী মাদ্ৰাছা শিক্ষকক গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দুধনৈ থানাত ৰাখি 'নিয়া'কে ধৰি অসম আৰক্ষীৰ ডি এছ বি শাখাই মাৰাথান জেৰা চলাই আছে। তদন্তকাৰী সংস্থাসমূহৰ তথ্য আৰু স্বীকাৰোক্তিৰ ভিত্তিত আতক কৰা অভিযুক্ত জেহাদী হাফিজুৰ ৰহমানক শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে।

জানিব পৰা মতে, অভিযুক্ত জেহাদীগৰাকীৰ পৰা আৰক্ষীয়ে জেহাদী সম্পৰ্কত তথ্য প্ৰমান লাভ কৰিছে আৰক্ষীয়ে। যোৱা ১৯ আৰু ২০ আগষ্টত আতক কৰি গ্ৰেপ্তাৰ কৰা জালালুদ্দিন শ্বেইখ আৰু আব্দুছ চুবাহানকো সাত দিনৰ জিম্মাত দুধনৈ থানাত ৰখা হৈছে।জালালুদ্দিন শ্বেইখ আৰু আব্দুছ চুবাহানৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে আব্দুচ চৌহানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

বৰ্তমানলৈকে জেহাদীৰ সম্পৰ্কত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত জেহাদীৰ সংখ্যা চাৰিগৰাকী।অনাগত দিনত আৰু অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।জেহাদী কাৰ্যকলাপৰ নেৰ্তৃত্ব বহন কৰা একাংশ লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে। কিন্তু বৰ্তমান পলাতক অৱস্থাত থকা বুলি বৃহস্পতিবাৰে গোৱালপাৰাত ডি জি পি ভাস্কৰজ্যোতি মহন্তই সদৰি কৰিছে।

Assam police himanta biswa sarma goalpara police